Thursday, July 7, 2022
HomeNewsবিশ্ব স্কুল জিমনাছিয়াডত ভাৰতৰ ১৮ টা পদক

বিশ্ব স্কুল জিমনাছিয়াডত ভাৰতৰ ১৮ টা পদক

 

সুদূৰ ফান্সত উৰিল ভাৰতৰ বিজয়ধ্বজা । বিশ্ব স্কুল জিমনাছিয়াডত ভাৰতৰ ১৮ টা পদক ।পেৰা সাঁতোৰত ৰূপ অৰ্জনৰে জিলিকিল অৰ্থৱ পাটিল ।

চলিত মাহৰ ১৪ ৰ পৰা ২২ মে’ত ফ্ৰান্সৰ নাৰমণ্ডিত অনুষ্ঠিত হয় আই এছ এফ বিশ্ব স্কুল জিমনাছিয়াড ২০২২ । আন্তঃৰাষ্ট্ৰীয় স্কুল স্পৰ্টছ ফেডাৰেচনৰ উদ্যোগত আয়োজিত এই বৃহৎ টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিলে ১২২ জনীয়া ভাৰতীয় দলে। বিশ্বৰ ৬৪ খন দেশৰ পৰা সমাবেশ ঘটিল প্ৰায় ৩,৬৬২ গৰাকী ১৮ বছৰ অনূৰ্দ্ধৰ খেলুৱৈৰ । ভাৰতে আজুৰি আনিলে ১৮ টা পদক । ইয়াৰে ৩ টা স্বৰ্ণ, ৫ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জৰ পদক ।

ইফালে, ভাৰতীয় সাঁতোৰ আৰু পেৰা সাঁতোৰ দলৰ প্ৰশিক্ষক হিচাপে থাকিল
গুৱাহাটী আই আই টিৰ কৰ্মচাৰী ৰাজীৱ দে । তেওঁ ফান্সৰ পৰাই ভাৰতলৈ পঠালে এক শুভবাৰ্তা ।

পেৰা সাঁতোৰত অৰ্থৱ পাটিলে ফান্সত দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । অগণন খেলুৱৈৰ মাজত জিলিকিল ভাৰতীয় পেৰা সাঁতোৰবিদ ।
৫০ মিটাৰ ব্ৰেষ্ট ষ্টক এছ বি ৮ শাখাত ভাৰতৰ পেৰা সন্তৰণবিদে অৰ্জন কৰিছে ৰূপৰ পদক । ডিঙিত মেডেল পিন্ধি হাতত ত্ৰিৰংগা লৈ অৰ্থৱৰ মুখত বিজয়ৰ হাঁহি ।অৰ্থৱৰ ঘৰ মহাৰাষ্ট্ৰৰ কলাপুৰত ।

ভাৰতীয় পেৰা সাঁতোৰ দলৰ প্ৰশিক্ষক তথা অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেয়ে অৰ্থৱক জনাইছে শুভেচ্ছা ।

উল্লেখযোগ্য যে, বিশ্ব স্কুল জিমনাছিয়াডত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছে পেৰা সাঁতোৰ প্ৰতিযোগিতা । লগতে, বিভিন্ন ইভেন্টত মুঠ ১৮ টা পদক অৰ্জনৰ পাছত পদক তালিকাত ভাৰত থাকিল ১১ নম্বৰ স্থানত । শীৰ্ষত জিলিকিল ফ্ৰান্স।

ক্ৰীড়া অনুৰাগীৰ আশা — ভাৰতীয় খেলুৱৈৰ এই কৃতিত্ব চিৰপ্ৰবাহমান হওক । স্পৰ্শ কৰক সফলতাৰ উচ্চ শিখৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments