Thursday, July 7, 2022
HomeNewsবিহগুৰী মিনি ষ্টেডিয়ামত মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা

বিহগুৰী মিনি ষ্টেডিয়ামত মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা

তেজপুৰৰ বিহগুৰীৰ মিনি ষ্টেডিয়ামত ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব মাষ্টাৰ্ছ এথলেটেকিছ প্ৰতিযোগিতা। শোণিতপুৰ মাষ্টাৰ্ছ গেমছ এচ’ছিয়েশ্বনৰ উদ্দ্যোগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত ৩০ বছৰৰ উৰ্ধৰ মহিলা আৰু ৩৫ বছৰৰ উৰ্ধৰ পুৰুষ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাখনৰ পৰাই কাৰ্বি আংলঙত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ খেলুৱৈ নিৰ্বাচন কৰা হ’ব। আনহাতে এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰাই তেলেংগানাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ প্ৰতিযোগিতালৈ অসম দলটো নিৰ্বাচন কৰা হ’ব।

প্ৰতিযোগিতাখনত এশ, দুশ, চাৰিশ, আঠশ, পোন্ধৰশ মিটাৰ আৰু পাচ হাজাৰ মিটাৰ দৌৰ, খোজ কাঢ়া, শ্বটপুট, ডিছকাছ, জেভলিন থ্ৰ’, হাইজাম্প, লংজাম্প আৰু ট্ৰিপল জাম্প অনুষ্ঠিত হ’ব।

ইচ্ছুক মাষ্টাৰ্ছ খেলুৱৈসকলে ৬ তাৰিখে পুৱা আঠ বজাত ১০০ টকাৰ মাছুলসহ নাম পঞ্জীয়ন কৰিব লাগিব। বয়সৰ প্ৰমাণ হিচাপে পান কাৰ্ড অথবা স্কুলৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments