Friday, September 30, 2022
HomeNewsবিহাৰত পূব মণ্ডল এথলেটিকছৰ বাবে অসম দল ঘোষণা

বিহাৰত পূব মণ্ডল এথলেটিকছৰ বাবে অসম দল ঘোষণা

বিহাৰত পূব মণ্ডল এথলেটিকছৰ বাবে অসম দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন: বিহাৰৰ পাটলিপুত্ৰত অহা ১০ ছেপ্টেম্বৰৰ পৰা ১২ ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুব মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসমৰ ৭৯ জনীয়া দল ঘোষণা কৰে অসম এথলেটিকছ সন্থাই । ২৮ আগষ্টত সৰুসজাই ক্ৰীড়া প্ৰকল্পত ১৪, ১৬, ১৮ আৰু ২০ বছৰ অনূৰ্ধ্ব ল’ৰা আৰু ছোৱালী উভয়ৰে মাজত খেলুৱৈ বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল ।

অসম দলৰ বাবে নিৰ্বাচিত হোৱা এথলীটসকল ল’ৰাৰ (১৪ বছৰ অনূৰ্ধ্ব) মোছাদ্দিক হুছেইন, জাকি কবিন, বৰ্ণিল শৰ্মা, প্ৰীতম ফুকন, অমনদ্বীপ চহৰীয়া, স্নিগ্ধ প্ৰতীম কোঁৱৰ, বৰ্ণিল বৰগোহাঁই, হাডোমগৰ ব্ৰহ্ম, (১৬বছৰ অনুৰ্ধ্ব) চুলেমান ওৰাঙ, অংশুমান ভাগৱতী, সঞ্জীৱ দলে অৰ্ণৱ শৰ্মা, বিগ্ৰাই ৰাভা, বিশ্বজিৎ দাস, কপিল লাহন, সুবম ঘোষ,(১৮ বছৰ অনুৰ্ধ্ব) ঈদুল হুছেইন, মুন্না কুমাৰ ব্ৰহ্ম, দুলাল দাস, ইন্দিভৰ হাজৰিকা, আস্থাজিত কোঁৱৰ, হেমাংগ বৰগোহাঁই, খনীন্দ্ৰ দাস, পিন্টু বৰঠাকুৰ, কুমাৰ চিন্টম কাশ্যপ, ইন্দ্ৰমণি পাটৰ, আয়ুসিক গগৈ, ৰোহন পেগু, অভিষেক মহালি, (২০ বছৰ অনুৰ্ধ্ব) চিন্ময় বৰুৱা, সোমকৰ ইচলাৰী, খগেন্দ্ৰ সোণোৱাল, মেহদী হাছান, বিসজ্যোতি বণিয়া, তপাজল ফুকন, শিৱ নুনিয়া, প্ৰবাল কোঁৱৰ, যুগান্ত চাংমাই, ভাৰ্গৱ দত্ত, প্ৰমোদ হাগজাৰ আৰু ছোৱালীৰ-(১৪ বছৰ অনুৰ্ধ্ব) স্পৰ্শাজ্যোতি বৰা, ৰাগিনী বৰা, ধৃতিমা উজীৰ, এলিচা হাজৰিকা, মাহী দাস, ৰোহিনা বৰগোহাঁই, (১৬বছৰ অনুৰ্ধ্ব) ৰিমঝিম শইকীয়া, সুস্মিতা শইকীয়া, ৰেস্না পেগু, লক্ষী বাইপ, পাহি কেওট, ৰিতৃকা বৰুৱা, আপচানা সোনাৰ, তৰালী দাস, অনামিকা পেগু, পাৰিজাত দলে, আইনু বৰুৱা, ৰিম্পী গগৈ,(১৮ বছৰ অনুৰ্ধ্ব) কাদম্বৰী মুদিয়াৰ, চয়নিকা গগৈ, নিকুমনি পাঠক, অস্মিতা মহাজন, ছাংমিৰ টেৰংপি, পুলি দলে, চবিয়া ছবাৰ, নিহামনি বৰা, মণিষা ছেত্ৰী, ডেনিম বৰুৱা, বন্দিতা দাস, কস্তৰিকা শইকীয়া, অমিষা পেগু, ৰেখাজ্যোতি গগৈ, (২০ বছৰ অনুৰ্ধ্ব) ডিম্পী মেধি, প্ৰতিক্ষা বৰুৱা, মেৰিনা কোঁৱৰ, সংঘামিত্ৰা পল, পদ্মিনী দাস, বিংকী চমুৱা, শিখামনি বৰগোহাঁই ।

আনহাতে দলটোৰ প্ৰশিক্ষক প্ৰাঞ্জল বৰুৱা আৰু মণিকাঞ্চন নাথ লগতে মেনেজাৰদ্বয় সুদীপ দাস আৰু ৰূপক বৈশ্য । অহা ৮ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত কেপিটেল এক্সপ্ৰেছযোগে গুৱাহাটীৰ পৰা দলটো পাটনা অভিমুখে ৰাওনা হ’ব‌ ।আনহাতে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ পৰা মনোনীত হোৱা দুগৰাকী মুখ্য টেকনিকেল অফিচিয়েল অসমৰ নিপন দাস আৰু দিগন্ত শইকীয়াই প্ৰতিযোগিতাখনত টেকনিকেল অফিচিয়েল হিচাপে অংশগ্ৰহণ কৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments