Wednesday, August 10, 2022
HomeNewsবিৰল ঘটনা ঃ একেদিনাই দুখন মেচত অংশ ললে ভাৰতীয় ক্ৰিকেট দলে

বিৰল ঘটনা ঃ একেদিনাই দুখন মেচত অংশ ললে ভাৰতীয় ক্ৰিকেট দলে

বিৰল ঘটনা ঃ একেদিনাই দুখন মেচত অংশ ললে ভাৰতীয় ক্ৰিকেট দলে

অলিম্পিয়া প্ৰতিবেদন: ১ জুলাই, শুকুৰবাৰৰ দিনটো এক বিৰল ঘটনাৰ সাক্ষী হৈ ৰ’ল ভাৰতীয় ক্ৰিকেট দল ৷ বৰ্তমান ইংলেণ্ড ভ্ৰমণত থকা টিম ইণ্ডিয়াৰ দুটা দলে একেদিনাই দুখন মেচত অংশগ্ৰহণ কৰিলে ৷ ইয়াৰে এখন হ’ল ইংলেণ্ড দলৰ বিৰুদ্ধে পূৰ্বতে এটা শৃংখলাত আধৰুৱা হৈ থকা পঞ্চম দ্বিপাক্ষিক টেষ্ট মেচ ৷ দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা অসুস্থ হৈ থকাৰ বাবে স্পীডষ্টাৰ যশপ্ৰীত বুমৰাহক দলৰ নেতৃত্ব অৰ্পণ কৰা হৈছে ৷

আৰু অধিক পঢ়ক

পাঁচদিনীয়া এই টেষ্টখন শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ৩ বজাৰ পৰা বাৰ্মিংহামৰ এজবেষ্টনত আৰম্ভ হৈছে ৷ বুমৰাহৰ উপৰি ভাৰতীয় টেষ্ট দলত আছে — শুভমন গীল, চেতেশ্বৰ পূজাৰা, হনুমা বিহাৰী, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, ঋষভ পণ্ট, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী আৰু মহম্মদ চিৰাজ ৷ অতিৰিক্ত হিচাপে আছে উমেশ যাদৱ, শ্ৰীকৰ ভাৰত, প্ৰসিদ্ধ কৃষ্ণ আৰু ৰবিচন্দ্ৰন অশ্বিন ৷

ইফালে একেদিনাই হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত টিম ইণ্ডিয়াই ইংলেণ্ডৰ ডাৰ্বিশ্বায়াৰৰ বিৰুদ্ধে প্ৰথমখন টি-২০ প্ৰস্তুতি মেচ খেলিব ৷ হাৰ্ডিক পাণ্ডিয়াৰ উপৰি দলত আছে সঞ্জু ছেমচন, ঈশান কিষাণ, দীপক হুদা, সূৰ্যকুমাৰ যাদৱ, দীনেশ কাৰ্তিক, অক্ষৰ পেটেল, হৰ্ষল পেটেল, ভূৱনেশ্বৰ কুমাৰ, যুজবেন্দ্ৰ চাহাল, উমৰাণ মালিক, ৰাহুল ত্ৰিপাঠী, আৱেশ খান, ভেংকটেশ আয়াৰ, ঋতুৰাজ গাইকোড়ৰ, অৰ্শদ্বীপ সিং আৰু ৰবী বিষ্ণয় ৷

মেচখন ডাৰ্বিশ্বায়াৰ কাউণ্টি গ্ৰাউণ্ডত ভাৰতীয় সময় মতে নিশা ১১.৩০ বজাৰ পৰা আৰম্ভ হ’ব ৷ ভাৰতীয় দলে ৩ জুলাইত নৰ্থাম্পটনশ্বায়াৰৰ বিৰুদ্ধে আন এখন প্ৰস্তুতি মেচ খেলাৰ পাছত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টি-২০ মেচৰ শৃংখলাত অংশ ল’ব ৷ দুয়ো দলৰ মাজত টি-২০ মেচকেইখন হ’ব ক্ৰমে ৭, ৯ আৰু ১০ জুলাইত ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments