দেশৰ কৃষকৰ আন্দোলনলৈ বহু ক্ৰীড়াবিদে সমৰ্থন দিয়াৰ পিছত এইবাৰ কৃষকৰ আন্দোলনলৈ সমৰ্থন জনাবলৈ ভাৰতীয় ক্ৰিকেট দলক দাবী জনালে খেল পথাৰত। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিডনীত অনুষ্ঠিত হোৱা অন্তিমখন টি-২০ ত মেচ আৰম্ভ হোৱাৰ পূৰ্বে অনুশীলন কৰি পেভিলিয়নলৈ উলটি অহাৰ সময়তে এগৰাকী যুৱতীয়ে বিৰাট কোহলিক চিঞঁৰি কৃষকৰ আন্দোলনলৈ সমৰ্থন জনাবলৈ আহ্বান জনাই।
যুৱতী গৰাকীয়ে বিৰাটক উদ্দেশ্যি চিঞঁৰি এই আহ্বান জনোৱাৰ সময়ত বিৰাটেও যুৱতী গৰাকীৰ ফালে ঘূৰি চোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে। অৱশ্যে বিৰাটে সেই সময়ত আৰু তাৰ পৰবৰ্তী সময়তো বিষয়টোক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই।
ভাইৰেল হৈ পৰা এই ভিডিঅ’ ভিন্নজনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি সাহসী ছোৱালীজনক সমৰ্থন জনাইছে। ইফালে কৃষকৰ এই আন্দোলনক সমৰ্থন জনাইয়েই দেশৰ ৩০ জন প্ৰাক্তন খেলুৱৈ, অলিম্পিয়ান, প্ৰশিক্ষকে পূৰ্বে লাভ কৰা সন্মান ঘূৰাই দিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈয়ো যাত্ৰা কৰিছিল। ইয়াৰ উপৰিও ক্ৰিকেটাৰ হৰভজ সিঙে কৃষকৰ সমৰ্থনত কেইবাটাও টুইট কৰাৰ লগতে যুৱৰাজ সিঙেও এই আন্দঝলনলৈ সমৰ্থন জনাইছে।