তুষাৰ প্ৰতিম
তেজস্বী যাদৱ। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱৰ কনিষ্ঠ পুত্ৰ তেজস্বী। এই তেজস্বী এতিয়া বিহাৰৰ মুখ্যমন্ত্ৰীৰ দাবীদাৰ। ইয়াৰ পূৰ্বে তেওঁ বিহাৰৰ মহাজোঁটবন্ধন চৰকাৰৰ নীতিশ কুমাৰ মন্ত্ৰীসভাৰ উপ মুখ্যমন্ত্ৰী হোৱাৰ লগতে গড়কাপ্টানী বিভাগৰো দায়িত্ব চম্ভালিছিল। কিন্তু এইগৰাকী তৰুণ ৰাজনৈতিক নেতাৰ প্ৰথম পচন্দ আছিল ক্ৰিকেটহে।
ঝাৰখণ্ডৰ হৈ ৰঞ্জি খেলা তেজস্বীয়ে আইপিএলটো অংশগ্ৰহণ কৰিছিল। তেওঁ ২০০৯ চনৰ ১০ নৱেম্বৰত ঝাৰখণ্ড ৰঞ্জি দলৰ হৈ বিদৰ্ভৰ বিৰুদ্ধে আত্মপ্ৰকাশ কৰিছিল। আনহাতে ২০০৮ ৰ পৰা ২০১২বৰ্ষলৈ তেজস্বীয়ে দিল্লী ডেয়াৰডেভিলছৰ হৈ আইপিএলত অংশগ্ৰহণ কৰিছিল। কিন্তু তেওঁৰ ক্ৰিকেটৰ কেৰিয়াৰ বৰ সন্তোষজনক নাছিল। এখন ফাষ্টক্লাছ মেচত অংশগ্ৰহণ কৰি তেওঁ মাত্ৰ ২০ ৰান সংগ্ৰহ কৰাৰ লগতে দুখন লিষ্ট A ৰ মেচত অংশগ্ৰহণ কৰি মাত্ৰ ১৪ ৰান কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও আইপিএলত তেজস্বীৰ ৰানৰ সংখ্যা আছিল মাত্ৰ ৩। তেজস্বীয়ে চাৰিখন মেচত অংশগ্ৰহণ কৰি সংগ্ৰহ কৰিছে মাত্ৰ ৩ ৰান।
লালুপ্ৰসাদ যাদৱৰ কনিষ্ঠ পুত্ৰ এইগৰাকী তেজস্বী যাদৱৰ ক্ৰিকেট প্ৰথম প্ৰেম হ’লেও ক্ৰিকেটৰ পথাৰত ইতিমধ্যে চুপাৰ ফ্লপ হিচাপে পৰিগণিত হৈছে। অৱশ্যে ৰাজনীতিৰ পথাৰত ক্ৰমান্বয়ে আগুৱাই গৈছে তেজস্বী। এইগৰাকী তেজস্বীৰ লগত শেহতীয়াকৈ ঘটা এক ঘটনাই এতিয়া সকলোকে আশ্চৰ্য কৰি তোলাৰ লগতে আমোদো দিছে।
ক্ৰিকেটৰ পথাৰত চুপাৰ ফ্লপ হোৱাৰ পিছত ৰাজনীতিলৈ ঢাপলি মেলা তেজস্বী যিদৰে ৰাজনীতিত আগুৱাই গ’ল ঠিক তেনেদৰে ৰাজনীতিৰ পথাৰত সৃষ্টি কৰি গ’ল হেজাৰ হেজাৰ অনুৰাগী। ৰাজনীতিৰ পথাৰত দপদপাই উঠাৰ লগে লগে হাজাৰ হাজাৰ যুৱতীৰ নয়নৰ মণি হৈ পৰিল তেজস্বী। যাৰ বাবে বিহাৰৰ ৪২ হাজাৰ যুৱতীয়ে বিবাহৰ প্ৰস্তাৱ দিলে তেজস্বীক।
দেশৰ এক সংবাদ প্ৰতিষ্ঠান আজটকৰ এক প্ৰতিবেদন মতে তেজস্বীয়ে উপ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে সকলোৰে সুবিধা হোৱাকৈ তেওঁৰ এটা হোৱাটছএপ নাম্বাৰ ৰাজহুৱা কৰি দিছিল। উদ্দেশ্য আছিল ৰাইজৰ অভাৱ-অভিযোগ প্ৰত্যক্ষভাৱে জনাৰ। কিন্তু তেজস্বীৰ এই হোৱাটছএপত ৰাইজৰ অভাৱ, অভিযোগৰ পৰিবৰ্তে আহিবলৈ ধৰিলে বিবাহৰ হে প্ৰস্তাৱ। খবৰ অনুসৰি তেজস্বীয়ে উক্ত হোৱাটছএপ নাম্বাৰটোত লাভ কৰিছিল ৪২ হাজাৰ যুৱতীৰ বিবাহৰ প্ৰস্তাৱ।।