Friday, September 30, 2022
HomeNewsবি চি চি আইয়ে ধোনিৰ বাবে অনুষ্ঠিত কৰিব বিশেষ চিৰিজ!

বি চি চি আইয়ে ধোনিৰ বাবে অনুষ্ঠিত কৰিব বিশেষ চিৰিজ!

অলিম্পিয়াৰ প্ৰতিবেদন

বি চি চি আইয়ে অনুষ্ঠিত কৰিব পাৰে ধোনিৰ বাবে বিদায় মেচ। ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ সফল অধিনায়কজনে সামাজিক মাধ্যমত চাৰিটা শাৰীৰ বাক্য লিখি নিজৰ স্মৃতি সোঁৱৰণ কৰি এইদৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰপৰা বিদায় লোৱা বিষয়টোক বহুতেই সহজে ল’ব পৰা। ধোনিৰ এইদৰে অৱসৰৰ বিষয়টোক লৈ বহুতেই বি চি চি আইকো সমালোচনাৰ লক্ষ্য কৰি লৈছে।

ধোনিয়ে ইনষ্টাগ্ৰামত চাৰিটা বাক্য লিখি বিদায় লোৱাৰ পিছতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেনেও ধোনিৰ বাবে বিদায় মেচ অনুষ্ঠিত কৰিবলৈ দাবী জনাইছিল। তেওঁ কৈছিল ধোনিৰ সন্মানৰ বাবে বি চি চি আইয়ে ফেয়াৰৱেল মেচ অনুষ্ঠিত কৰিব লাগে। ইয়াৰ পিছতে এতিয়া খবৰ আহিছে বি চি চি আইয়ে ধোনিৰ গৃহ চহৰ ৰাঁচিত এক মেচ অনুষ্ঠিত কৰাৰ চিন্তা কৰিছে।

বি চি চি আইৰ এক বিশেষ সূত্ৰ‌ই ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এন ডি টিভিৰ আগত কৈছে যে, আই পি এলৰ পিছত কোনো আন্তঃৰাষ্ট্ৰীয় চিৰিজ নাই। এনে অৱস্থাত আমি চিন্তা কৰিছোঁ যে কি কৰিব পৰা যায়। কিয়নো ধোনিয়ে দেশৰ বাবে বহুত কিবাকিবি কৰিছে আৰু তেওঁ এই সন্মানৰ যোগ্য। আমি সদায়েই তেওঁৰ বিদায় মেচ আশা কৰিছিলোঁ। কিন্তু ধোনি এজন বেলেগ ধৰণৰ খেলুৱৈ। তেওঁ তেতিয়া বিদায়ৰ কথা চিন্তা কৰিলে যেতিয়া কোনেও এই বিষয়ে চিন্তাই কৰা।নাছিল।

একেটা প্ৰসংগতে এন ডি টিভিয়ে ধোনিক বিদায় মেচৰ বিষয়ে শুধিছিল নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত বি চি চি আইৰ এজন বিষয়াই কৈছে যে, এই বিষয়ে কোনো কথা পতা নাই। কিন্তু আই পি এলৰ সময়ছোৱাত আমি তেওঁৰ লগত কথা পাতিম, তেতিয়া মেচ বা চিৰিজৰ বিষয়ে তেওঁৰ বিচাৰ জানিবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰিও তেওঁ কয় যে, যদি ধোনিয়ে সহমত প্ৰকাশ নকৰে, তথাপিও তেওঁৰ বাবে বিদায়ৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

বি চি চি আইৰ বিষয়াজনৰ এই কথাত সহমত পোষণ কৰিছে পূৰ্বৰ ক্ৰিকেটাৰ মদন লালে। তেওঁ কয়, দেশৰ সকলোতকৈ সফল অধিনায়কজনৰ বাবে বিদায়ৰ মেচ অনুষ্ঠিত কৰিব লাগে। তেওঁ কয়, মই বহুত সুখী হম যদি বি চি আইয়ে এম এছৰ বাবে মেচ অনুষ্ঠিত কৰে। তেওঁ এজন মহান খেলুৱৈ আৰু আপুনি তেওঁক এনেদৰে যাবলৈ দিব নোৱাৰে। নিশ্চিতভাৱে ইউ এ ইত ধোনিক স্কৃণত দেখি জনতা সুখী হ’ব,কিন্তু বি চি চি আইয়ে চিৰিজ আয়োজন কৰিব পাৰে। যাৰ জৰিয়তে জনতাই তেওঁক ষ্টেডিয়ামৰ পৰা তেওঁক খেলা চাব পাৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments