Thursday, July 7, 2022
HomeNewsবি চি চি আইৰ পিছে পিছে এইবাৰ ৰাজ্যিক ক্ৰিকেট সন্থাই তেওঁলোকৰ সদস্যক...

বি চি চি আইৰ পিছে পিছে এইবাৰ ৰাজ্যিক ক্ৰিকেট সন্থাই তেওঁলোকৰ সদস্যক প্ৰদান কৰিব ভেকচিন

বি চি চি আইয়ে আই পি এলত অংশগ্ৰহণ কৰি থকা ভাৰতীয় ক্ৰিকেটাৰক ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ পিছতে এইবাৰ ৰাজ্যিক ক্ৰিকেট সন্থাই তেওঁলোকৰ সদস্য আৰু কৰ্মচাৰীৰ ভেকচিন প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

বি চি চি আইৰ পিছে পিছে এইবাৰ কলকাতা ক্ৰিকেট সন্থাই তেওঁলোকৰ সদস্য আৰু কৰ্মচাৰীক ক’ভিড-১৯ ৰ ভেকচিন প্ৰদানৰ বাবে পদক্ষেপ হাতত লৈছে।

আগন্তুক ৯ মে’ৰ পৰা কলকাতা ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰিব আই পি এলৰ ১০ খন মেচ। কলকাতাৰ ইডেন গাৰ্ডেনত জৈৱ সুৰক্ষাৰ মাজত অনুষ্ঠিত হ’ব আই পি এলৰ এই মেচকেইখন। ইয়াৰ পূৰ্বেই কলকাতা ক্ৰিকেট সন্থাই তেওঁলোকৰ সকলো সদস্য, কৰ্মচাৰীক ক’ভিড-১৯ ৰ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে ক’ভিড-১৯ য়ে দেশত সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে নাগৰিকসকলক ক’ভিডৰ ভেকচিন প্ৰদান কৰি থকা হৈছে। ১ মে’ ৰ পৰা ১৮ বছৰ উৰ্ধৰ বয়সৰ উৰ্ধৰ সকলো ব্যক্তিকে ভেকচিন প্ৰদান কৰা হ’ব। সেই অনুসৰি বি চি চি আইয়ে আই পি এলত অংশগ্ৰহণ কৰি থকা সকলো ভাৰতীয় খেলুৱৈকে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে। অৱশ্যে ভেকচিন লোৱাটো বি চি চি আইয়ে বাধ্যতামূলক কৰা নাই। ক্ৰিকেটাৰসকলৰ নিজৰ ওপৰতেই নিৰ্ভৰ কৰিব ভেকচিন লোৱা নোলোৱাটো।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments