অলিম্পিয়া প্ৰতিবেদন
ষষ্ঠ সদৌ অসম গোলাপ, আৰতি হাজৰিকা, শৰৎ কলিতা সোঁৱৰণি আন্ত:ক্লাব ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেলত উপনীত হৈছে গুৱাহাটী টাউন ক্লাব আৰু বাড ক্ৰিকেট ক্লাব । দুয়ো দলৰ মাজৰ খিতাপ যুঁজখন বুধবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব । মঙলবাৰৰ দ্বিতীয়খন ছেমিফাইনেলত বাডে ১৪৬ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৰয়েল ক্ৰিকেট ক্লাবক । প্ৰথমে বেট ধৰি বাডে ৩৮ অভাৰত ৬ উইকেটত সংগ্ৰহ কৰে ২৩২ ৰাণ । দলৰ ডেনিছ দাসে ৯১, কৌশিক গিৰিয়ে অপৰাজিত ৬২ আৰু স্বৰূপম পুৰকায়স্থই ৩৫ ৰাণ কৰে । প্ৰতিপক্ষৰ মুৰা সিঙে ৪ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত ৰয়েলে ২১.৩ অভাৰত ৮৫ ৰাণতে ইনিংছ সামৰে । দলৰ আয়ুস আগৰৱালাই কৰে ৩১ ৰাণ । বেটৰ লগতে বলিঙতো ৪ টা উইকেট দখল কৰা স্বৰূপমক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰা হয় । খেলৰ আম্পায়াৰদ্বয় আছিল ৰাফেল আহমেদ আৰু জিন্টু দাস । স্ক’ৰাৰ আছিল নিতুল আলী । বুধবাৰে দিনৰ ২.৩০ বজাৰ পৰা সামৰণি অনুষ্ঠান হ’ব বুলি জনাইছে আয়োজক চিটি ক্ৰিকেট ক’চিং চেণ্টাৰৰ সম্পাদক গৌতম হাজৰিকাই ।