Tuesday, October 4, 2022
HomeNewsবুধবাৰে আৰম্ভ হ'ল নুৰুদ্দিন ট্ৰফী আন্তঃজিলা ক্ৰিকেট

বুধবাৰে আৰম্ভ হ’ল নুৰুদ্দিন ট্ৰফী আন্তঃজিলা ক্ৰিকেট

বুধবাৰে আৰম্ভ হ’ল নুৰুদ্দিন ট্ৰফী আন্তঃজিলা ক্ৰিকেট

অলিম্পিয়া প্ৰতিবেদন: অসম ক্ৰিকেট সন্থাই ২০ এপ্ৰিল , বুধবাৰৰ পৰা অহা ১ মেলৈ আয়োজন কৰিছে নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথম ৰাউণ্ডৰ মেচ । ৰাজ্যখনৰ ৬ টা মণ্ডলত মুঠ ৪০ টা দলে এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব । প্ৰতিখন মেচ দুদিনীয়াকৈ অনুষ্ঠিত হ’ব । নামনি অসম মণ্ডলত গ্ৰুপ ১ ত ২০ এপ্ৰিলত বৰপেটাই দক্ষিণ শালমৰাৰ বিৰুদ্ধে আৰু একেদিনাই গ্ৰুপ ২ত বঙাইগাঁৱে নলবাৰীৰ বিৰুদ্ধে খেলিব ।

আৰু অধিক পঢ়ক

উত্তৰ অসম মণ্ডলত গ্রুপ ১ ত ২০ এপ্ৰিলত লখিমপুৰে বিশ্বনাথৰ বিৰুদ্ধে আৰু গ্ৰুপ ২ ত একেদিনাই ওদালগুৰিয়ে তেজপুৰৰ বিৰুদ্ধে খেলিব । মধ্য অসম মণ্ডলত গ্ৰুপ ১ ত ২০ এপ্ৰিলত হোজায়ে বোকাখাতৰ বিৰুদ্ধে আৰু গ্ৰুপ ২ ত গোলাঘাটে তিতাবৰৰ বিৰুদ্ধে খেলিব । দক্ষিণ অসম মণ্ডলত গ্ৰুপ ১ ত শিলচৰে লক্ষীপুৰৰ মুখামুখি হ’ব । উজনি অসম মণ্ডলৰ গ্ৰুপ ১ ত প্ৰথমদিনা তিনিচুকীয়াই চৰাইদেউৰ বিৰুদ্ধে আৰু গ্ৰুপ ২ ত ডিব্ৰুগড়ে যোৰহাটৰ বিৰুদ্ধে খেলিব । এই বাতৰি প্ৰেৰণ কৰিছে অসম ক্ৰিকেট সন্থাৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments