Tuesday, October 4, 2022
HomeNewsবুধবাৰে গুৱাহাটীত গৱৰ্ণছ গাৰ্লছ ভলীবল মিছনৰ ফাইনেলত বৰপেটা বনাম শোণিতপুৰ

বুধবাৰে গুৱাহাটীত গৱৰ্ণছ গাৰ্লছ ভলীবল মিছনৰ ফাইনেলত বৰপেটা বনাম শোণিতপুৰ

বুধবাৰে গুৱাহাটীত গৱৰ্ণছ গাৰ্লছ ভলীবল মিছনৰ ফাইনেলত বৰপেটা বনাম শোণিতপুৰ

অলিম্পিয়া প্ৰতিবেদন: বুধবাৰ অৰ্থাৎ ২১ ছেপ্টেম্বৰত গুৱাহাটী আৰ জি বৰুৱা ক্ৰীড়াক্ষেত্ৰৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত বিয়লি ৩.৩০ বজাত অনুষ্ঠিত হ’ব গৱৰ্ণছ গাৰ্লছ ভলীবল মিছনৰ ফাইনেল তথা বঁটা বিতৰণী অনুষ্ঠান ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ৷

এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ক্ৰীড়াপ্ৰেমীক বিয়লি ৩ বজাৰ ভিতৰত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ক্ৰীড়া আৰু য়ুৱ কল্যাণ বিভাগৰ অতিৰিক্ৰ মুখ্য সচিব মনিন্দৰ সিঙে ৷ উল্লেখ্য যে ৰাজ্যজুৰি চলোৱা গৱৰ্ণছ গাৰ্লছ ভলীবল প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে বৰপেটা আৰু শোণিতপুৰ ৷

সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ভলীবল কৰ্টত সোমবাৰৰ মেচত কামৰূপ মহানগৰে হাইলাকান্দিৰ বিৰুদ্ধে ৩-০, বৰপেটাই শিৱসাগৰৰ বিৰুদ্ধে ৩-২, গোৱালপাৰাই নগাঁৱৰ বিৰুদ্ধে ৩-১ আৰু শোণিতপুৰে ডিব্ৰুগড়ৰ বিৰুদ্ধে ৩-০ গ’লত জয়লাভ কৰে ৷ কিন্তু প্ৰথমখন ছেমিফাইনেলত বৰপেটাই কামৰূপ মহানগৰক ৩-২ ছেটৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত উপনীত হয় ৷ ইফালে মঙলবাৰে পুৱা অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত শোণিতপুৰে গোৱালপাৰাৰ বিৰুদ্ধে ৩-০ ছেটত জয়লাভ কৰি খিতাপ যুঁজলৈ অগ্ৰসৰ হয় ৷ ৰাজ্যপালৰ পৃষ্ঠপোষকতাত আয়োজিত এই প্ৰতিযোগিতাৰ ফলত অসমজুৰি বহু স্কুলীয়া ছোৱালীয়ে ভলীবলত অংশগ্ৰহণ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments