Friday, September 30, 2022
HomeNewsবুধবাৰে পুনৰ ভাৰত বনাম পাকিস্তান ঃ

বুধবাৰে পুনৰ ভাৰত বনাম পাকিস্তান ঃ

ছিনিয়ৰ ভাৰতীয় মহিলা ফুটবল দলত অপূৰ্ণা নাৰ্জাৰী

অলিম্পিয়া প্ৰতিবেদন

ছিনিয়ৰ ভাৰতীয় মহিলা ফুটবল দলত স্থান লাভ কৰিলে অসমৰ অপূৰ্ণা নাৰ্জাৰীয়ে ৷ ইতিমধ্যে ভাৰতৰ হৈ ১৯ বছৰ অনূৰ্দ্ধ দলৰ হৈ খেলা অপূৰ্ণাই কিছুদিনৰ পূৰ্বে এক ত্ৰিদেশীয় ফুটবল টুৰ্ণামেণ্টৰ বাবে ছুইডেনলৈ গৈছিল ৷ তাতে তৃতীয়টো দল হিচাপে আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ নেপালত মঙলবাৰৰ পৰা আৰম্ভ হ’ব লগা ছাফ মহিলা ফুটবল টুৰ্ণামেণ্টত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ভাৰতীয় দলৰ সৈতে ৰাওনা হৈছে অপূৰ্ণা ৷ ভাৰতীয় ছিনিয়ৰ মহিলা ফুটবল দলৰ মুখ্য প্ৰশিক্ষক সুৰেণ চেত্ৰীৰ অধীনত ছাফ মহিলা ফুটবল টুৰ্ণামেণ্টত ভাৰতে গ্ৰুপ ‘এ’ৰ লীগ মেচত বুধবাৰে পাকিস্তানৰ বিৰুদ্ধে দুপৰীয়া ১২.৪৫ বজাত খেলি অভিযান আৰম্ভ কৰিব ৷ প্ৰতিযোগিতাৰ সূচী অনুসৰি ভাৰতে ১০ ছেপ্টেম্বৰত বিয়লি ৫.১৫ বজাত মালদ্বীপ আৰু ১৩ ছেপ্টেম্বৰত একেটা সময়তে বাংলাদেশৰ বিৰুদ্ধে খেলিব ৷
লক্ষ্যণীয় যে কোকৰাঝাৰৰ শাৰীৰিক শিক্ষা নিৰ্দেশত তথা এ এফ চি ‘চি’ লাইচেন্সপ্ৰাপ্ত ফুটবল প্ৰশিক্ষক বিশ্বজিৎ নাৰ্জাৰীৰ কন্যা অপূৰ্ণাই ষ্ট্ৰাইকাৰ হিচাপে প্ৰথমবাৰলৈ ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰিছে ৷ ইয়াৰ পূৰ্বে অসমৰ অঞ্জনা শইকীয়াই ভাৰতীয় ছিনিয়ৰ মহিলা ফুটবল দলৰ হৈ গ’লৰক্ষক হিচাপে ছাফ মহিলা ফুটবল টুৰ্ণামেণ্টত খেলি চেম্পিয়ন হিচাপে স্বৰ্ণ পদক অৰ্জন কৰিছিল ৷ ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দলটো ইতিমধ্যে শনিবাৰে কাঠমাণ্ডুত উপস্থিত হৈছে ৷ ভাৰতীয় দলৰ সকলো কেইখন মেচ কাঠমাণ্ডুৰ দশৰথ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ পুনেত এক চমু অনুশীলনৰ পিছত ভাৰতীয় দলটো বাছনি কৰা হৈছে ৷ দলৰ ডাংমেই গ্ৰেচে উজবেকিস্তানৰ পৰা আহি দলৰ সৈতে যোগ দিছে ৷ এই খেলুৱৈগৰাকীয়ে উজবেকিস্তানত এফ চি নাছাফ কোৱাৰ্চি ক্লাবৰ হৈ দেশখনৰ পেচাদাৰী ফুটবল খেলাত অংশগ্ৰহণ কৰিছে ৷ ২৩ জনীয়া সদস্যৰ ভিতৰত ষ্ট্ৰাইকাৰ হিচাপে অসমৰ অপূৰ্ণা নাৰ্জাৰীয়ে স্থান লাভ কৰাত ৰাজ্যখনৰ ফুটবল প্ৰেমী আনন্দিত হৈছে ৷ দীৰ্ঘদিনৰ পিছত ভাৰতীয় দলত অসমৰ এগৰাকী প্ৰচুৰ সম্ভাৱনাময় মহিলা ফুটবল খেলুৱৈয়ে স্থান লাভ কৰিলে ৷ আশা কৰা হৈছে — ছাফ মহিলা ফুটবল টুৰ্ণামেণ্টত অপূৰ্ণাই মুল একাদশত স্থান লাভ কৰি দুভৰিৰ যাদু দেখুৱাব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments