Thursday, July 7, 2022
HomeNewsবুধবাৰৰ পৰা সৰুসজাইত ৰাজ্যিক মাষ্টাৰ্ছ এথলেটিকছ

বুধবাৰৰ পৰা সৰুসজাইত ৰাজ্যিক মাষ্টাৰ্ছ এথলেটিকছ

অলিম্পিয়া প্ৰতিবেদন

অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত বুধবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হ’ব প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা । পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ ঊৰ্ধ্বৰ পৰা ১০০ বছৰ ঊৰ্ধ্বৰ ১৪ টা ভিন্ন শাখাত খেলুৱৈসকলৰ বাবে মুকলি থকা প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩ শতাধিক এথলীটে অংশগ্ৰহণ কৰিব । এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰা বাছনি হোৱা খেলুৱৈসকলে অহা ১৬-১৯ জুনত গুজৰাটৰ বদোদৰাত ভাৰতীয় এথলেটিকছ ফেডাৰচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব ।
প্ৰতিযোগিতাৰ দুদিনীয়া কাৰ্যসূচীত সমূহ ক্ৰীড়াপ্ৰেমী দৰ্শকৰ উপস্থিতি অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে আন্তৰিকতাৰে কামনা কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments