Tuesday, October 4, 2022
HomeNewsবুমৰাহতকৈ ভয়ংকৰ ছাহিন !

বুমৰাহতকৈ ভয়ংকৰ ছাহিন !

বুমৰাহতকৈ ভয়ংকৰ ছাহিন !

অলিম্পিয়া প্ৰতিবেদন: বৰ্তমান সময়ৰ দুজন বেগী বলাৰ । এজন শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ আৰু আনজন ভাৰতৰ । দুয়োখন দেশৰ মাজত পূৰ্বৰ শত্ৰুতা থাকিলেও ক্ৰীড়াৰ ক্ষেত্ৰত নাই কাৰো মতভেদ ।

ভাৰতৰ দ্ৰুততম বেগী বলাৰ যশপ্ৰীত বুমৰাহ আৰু পাকিস্তানৰ বাওঁহতীয়া বেগী বলাৰ ছাহিন ছাহ আফ্ৰিদী । ক্ৰিকেট মহলত এতিয়া চৰ্চিত দুয়োজনৰ দক্ষতাৰ ওপৰত । কোন অতি বেছি ভয়ানক ? বুমৰাহ নে ছাহিন ছাহ আফ্ৰিদী ? এনে এক চৰ্চাৰ মাজতে পাকিস্তানৰ প্ৰাক্তন বিশ্বকাপ জয়ী পেচাৰ আকিব জাভেদে দিলে তাৰ সমাধান । তেওঁৰ মতে – তেওঁৰ দৃষ্টিত বুমৰাহতকৈ বহু বেছি ভয়ানক ছাহিন ।

আৰু অধিক পঢ়ক

পাক টিভিৰ এটি সাক্ষাৎকাৰত আকিবে কয় এইদৰে – “পাকিস্তানৰ অন্য এজন বেগী বলাৰ হৰিছ ৰউফে আজি কেইবছৰমানৰ পৰা যিদৰে বল নিক্ষেপ কৰি আহিছে তাৰ গতি অতি দ্ৰুততম । তেওঁৰ আক্ৰমণৰ লক্ষ্য, দৌৰাৰ ভংগীমা আনকি শৰীৰৰ ভাষাতেই বেটছমেনে বুজি উঠে পাছৰ পৰিণতিৰ বিষয়ে । কিন্তু বুমৰাহৰ সেই গুণ নাই । ছাহিনৰ গ্ৰাফ উৰ্ধ্বমুখী, আনহাতে বুমৰাহৰ গতি স্থিতিশীল । গতিকে বুমৰাহতকৈ বহু বেছি ভয়ানক ছাহিন । সেইবাবেই টি-২০ য়েই হওক বা এদিনীয়াই হওক অথবা টেষ্ট ক্ৰিকেটেই নহওক কিয় , পাকিস্তানী ক্ৰিকেট মূলত: ছাহিন, হৰিছ ৰউফ, ছাহদাব খান, বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ ওপৰত নিৰ্ভৰশীল ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখ্য যে ভাৰতৰ বিৰুদ্ধে দুই এখন মেচক বাদ দি বাকী বহু মেচত পৰাজয়েৰে নিজৰ চিনাকি দিয়া পাকিস্তানী প্ৰাক্তন তাৰকাজনৰ মন্তব্য কিমান গুৰুত্বপূৰ্ণ সেয়া সময়ে নিৰ্ধাৰণ কৰিব । বিভিন্ন মেচৰ জৰিয়তে দৰ্শকেও দেখি আছে দুয়োৰে বলিং দক্ষতাৰ প্ৰমাণ ।

২০১৬ চনত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ এদিনীয়া আৰু টি -২০ আন্তৰ্জাতিকত বুমৰাহে প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰে যদিও তাৰ দুই বছৰৰ পাছতহে ছাহিনে পদাৰ্পণ কৰে পাকিস্তানৰ হৈ । যশপ্ৰীত বুমৰাহে বৰ্তমানলৈকে ২৯ খন টেষ্ট ক্ৰিকেট, ৭০ খন এদিনীয়া, ৫৭খন টি-২০ আন্তৰ্জাতিক মেচ খেলাৰ লগতে ১১৪ খন আই পি এলৰ মেচ খেলিবলৈ সক্ষম হৈছে । তাৰ ভিতৰত টেষ্টত ১২৩ টা, এদিনীয়াত ১১৩ টা, টি-২০ আন্তৰ্জাতিকত ৬৭ টা আৰু আই পি এলত ১৩৫ টা উইকেট দখলেৰে অব্যাহত ৰাখিছে নিজৰ অভিযান । আনহাতে ছাহিন আফ্ৰিদীয়ে বৰ্তমানলৈকে ২৪ খন টেষ্ট, ৩০ খন এদিনীয়া আৰু ৪০ খন টি- ২০ আন্তৰ্জাতিকেৰে অব্যাহত ৰাখিছে নিজৰ অভিযান । তাৰ ভিতৰত টেষ্ট ক্ৰিকেটত ৯৫ টা, এদিনীয়াত ৫৯ টা আৰু টি-২০ আন্তৰ্জাতিকত ৪৭ টা উইকেট হাতৰ মুঠিত আনিবলৈ সক্ষম হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments