Wednesday, July 6, 2022
HomeNewsবেংগালুৰুৰ ক্ৰীড়া বিদ্যালয়ে দেশৰ নিৰ্বাচিত ৬০ গৰাকী তৰুণ ক্ৰীড়া প্ৰতিভাধৰক আগবঢ়াব জলপানি

বেংগালুৰুৰ ক্ৰীড়া বিদ্যালয়ে দেশৰ নিৰ্বাচিত ৬০ গৰাকী তৰুণ ক্ৰীড়া প্ৰতিভাধৰক আগবঢ়াব জলপানি

বেংগালুৰুৰ ক্ৰীড়া বিদ্যালয়ে তৰুণ প্ৰতিভাৱান খেলুৱৈৰ বাবে কঢ়িয়াই আনিছে এক আশাৰ খৱৰ। বিদ্যালয়খনে তিনিটা বয়সৰ শাখাত তৰুণ প্ৰতিভাধৰসকলক আগবঢ়াব ক্ৰীড়া জলপানি। শেহতীয়াকৈ বেংগালুৰুত থকা ক্ৰীড়া বিদ্যালয়খনে এক গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে। আঁচনি অনুসৰি আগন্তুক বৰ্ষৰ পৰা ক্ৰীড়া বিদ্যালয়খনে প্ৰতিবছৰে দেশৰ নিৰ্বাচিত ৬০ গৰাকী তৰুণ ক্ৰীড়া প্ৰতিভাধৰক আগবঢ়াব জলপানি। খেলুৱৈসকলৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি এই জলপানিৰ ২৫ শতাংশৰ পৰা ১০০ শতাংশলৈ লাভ কৰিব। ১২, ১৪ আৰু ১৬বছৰ অনূৰ্ধ্ব তিনিটা শাখাত আগবঢ়াবলগীয়া এই জলপানিয়ে প্ৰথম অৱস্থাত ক্ৰিকেট, ফুটবল আৰু বাস্কেটবলক সামৰি ল’ব। আগন্তুক বৰ্ষত প্ৰথমবাৰৰ বাবে প্ৰযোজ্য হ’বলগীয়া এই আঁচনিৰ বাছনি প্ৰক্ৰিয়া জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। আঁচনিখনৰ বাবে উপযুক্ত খেলুৱৈ নিৰ্বাচনৰ ক্ষেত্ৰত দেশৰ প্ৰাক্তন খেলুৱৈৰে গঠিত এখন কমিটিয়ে দায়িত্ব পালন কৰিব। এই আঁচনিৰ সুযোগ লবলৈ প্ৰতিভাধৰ খেলুৱৈসকলে আগন্তুক ২৮ ডিচেম্বৰৰ পূৰ্বে অনলাইনযোগে জলপানিৰ বাবে আবেদন কৰিব পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments