অলিম্পিয়াৰ প্ৰতিবেদন
ভাৰতীয় এথলিটৰ বাবে এক বিশেষ মাস্ক নিৰ্মাণ কৰিছে আই আই টি খৰ্গপুৰৰ এজন প্ৰাক্তন ছাত্ৰই। এথলিটকলৰ অনুশীলনত সহায়ক হোৱাৰ বাবে বেটাৰীচালিত মাস্ক তৈয়াৰ কৰিছে আই আই টি খৰ্গপুৰৰ প্ৰাক্তন ছাত্র পিয়ুষ আগৰৱালে। এইগৰাকী প্ৰাক্তন আই আই টিয়ানে প্ৰায় দুবছৰ ধৰি মাস্ক ডিজাইন আৰু তৈয়াৰৰ কামত ব্যস্ত হৈ আছে।
প্ৰথম অৱস্থাত সীমিত সংখ্যক এথলিটৰ জড়িয়তে এই মাস্ক পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হ’ব। এই পৰীক্ষাৰ ফলাফল যোগাত্মক হ’লেই টকিঅ’ অলিম্পিকত অংশল’বলগীয়া প্ৰতিজন এথলিটৰ লগতে অন্যান্যসকলোকে এই মাস্ক যোগান ধৰা হ’ব।
ইতিমধ্যে ভাৰতীয় অলিম্পিক সন্থাই এই বিশেষ মাস্ক তৈয়াৰ কৰা আগৰৱালৰ লগত এক চুক্তিও স্বাক্ষৰ কৰিছে। অলিম্পিকত অংশ গ্ৰহণ কৰিবলগীয়া ভাৰতীয় এথলিটসকলৰ সহায়ক হোৱাকৈ নিৰ্মাণ কৰা এই মাস্ক ভাৰতীয় অলিম্পিক সন্থাই এথলিট সকলৰ বাবে ব্যৱহাৰ কৰিব।
আগৰৱালে ‘কাৱাচ মাস্ক প্ৰজেক্ট’ৰ অধীনত চৰকাৰী ধনৰ জড়িয়তে এই বিশেষ মাস্কৰ কাম কৰি আছে আৰু ইয়াৰ ব্ৰেণ্ডৰ নাম দিয়া হৈছে ‘মোক্ষ’। এই ‘মোক্ষ’ ব্ৰেণ্ডৰ মাস্কৰ বজাৰ মূল্য প্ৰায় ২২০০টকা হ’ব বুলি ধাৰণা কৰা হৈছে।