Wednesday, July 6, 2022
HomeInterviewবেডমিণ্টনৰ নৱতম চাঞ্চল্য অস্মিতা চলিহাৰ সৈতে এখন্তেক

বেডমিণ্টনৰ নৱতম চাঞ্চল্য অস্মিতা চলিহাৰ সৈতে এখন্তেক

সাক্ষাৎ গ্ৰহণ ঃ পূৰ্ণানন্দ নেওগ

ক গোমা আবেলি। প্ৰাণোচ্ছল এক কোলাহলৰ মিচিলত চহৰৰ আকাশ মুখৰিত। নেহৰু ষ্টেডিয়ামৰ প্ৰাংগনত তেতিয়া শিশুৰ পৰা বয়োজ্যেষ্ঠসকলৰ খোজৰ ভিৰ। ক্ৰীড়াপ্ৰেমীসকলৰ উৎসুকতাভৰা মন। ৮৩সংখ্যক ছিনিয়ৰ বেডমিণ্টনৰ চূড়ান্ত খেলত মুখামুখি হ’ব বিশ্বৰ দুই আগশাৰীৰ শ্বাটলাৰ ছাইনা নেহৱাল আৰু পি ভি সিন্ধু। সকলোৰে উদ্দেশ্য দুই মহাতাৰকাৰ খেলৰ মাজত নিজকে বিলিন কৰি দিয়াৰ। নিজৰ ব্যস্ততাভৰা জীৱনৰ কিছুসময় শ্বাটলৰ ছন্দময় আৱাজৰ মাজত হেৰুৱাই দিয়াৰ। আমিও সেই উদ্দেশ্য আগত লৈ উপস্থিত হৈছিলোগৈ নেহৰু ষ্টেডিয়াম। অৱশে¸্য, তাৰ বাহিৰেও আমাৰ আন এক উদ্দেশ্য আছিল অসমৰ তাৰকা শ্বাটলাৰ অস্মিতা চলিহাক লগ পোৱাৰ। অস্মিতা চলিহা অসমৰ ক্ৰীড়াক্ষেত্ৰৰ এক নৱতম প্ৰতিভা। বেডমিণ্টনৰ ক্ষেত্ৰখনত নিজৰ দক্ষতাৰ স্বাক্ষৰ লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা অস্মিতাক ভাৰতীয় বেডমিণ্টনৰ নৱতম চাঞ্চল্য বুলি অভিহিত কৰা হৈছে। আহকচোন অস্মিতাৰ মুখেৰেই শুনো তেওঁৰ খেলুৱৈৰ জীৱন তথা ব্যক্তিগত জীৱনৰ দুই এটা কথা।

¿  তুমি বেডমিণ্টন খেলিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিলা· খেলিবলৈ লোৱাৰ আঁৰত কাৰ অনুেপ্ৰৰণা আছিল·

উ ঃ মোৰ দেউতা ধ্ৰু¸ৱজ্যোতি চলিহা এজন টেনিছ খেলুৱৈ আছিল। তেওঁ বিচাৰিছিল যে মই কিবা নহয় কিবা এটা খেলত মনোনিৱেশ কৰো। প্ৰথমতে মোক টেনিছ খেলিবলৈ দিয়াৰ কথা আছিল। কিন্তু বেডমিণ্টন ষ্টেডিয়ামটো ঘৰৰ পৰা ওচৰ হয় বাবে বেডমিণ্টনতে জইন কৰিলো। প্ৰথম অৱস্থাত বেডমিণ্টনত মোৰ ইমান মন বহা নাছিল। খেলটোৰ প্ৰতি ইণ্টাৰেষ্টো কম আছিল। কিন্তু লাহে লাহে যেতিয়া টুৰ্নামেণ্টবোৰ খেলা আৰম্ভ কৰিলো তেতিয়া খেলটোৰ প্ৰতি আগ্ৰহ বাঢ়ি আহিল। খেলটোক ভাল পাবলৈ আৰম্ভ কৰিলো।

প্ৰিথম অৱস্থাত তুমি প্ৰশিক্ষণ ক’ত লৈছিলা· কোন প্ৰশিক্ষকৰ অধীনত শিকিছিলা·

উত্তৰ ঃ মই Îট্ৰইনিং সৰুৰে পৰা নেহৰু ষ্টেডিয়ামতে কৰিছিলো। মোৰ প্ৰথম প্ৰশিক্ষক আছিল ৰূপ বুঢ়াগোহাঁই ছাৰ। তাৰ পিছত যেতিয়া অসম বেডমিণ্টন একাডেমী হ’ল তেতিয়া তাত জইন কৰিলো। একাডেমীত শ্ৰদ্ধাৰ ওমৰ ৰছিদ ছাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে ইণ্ডোনেছিয়াৰ পৰা প্ৰশিক্ষক আনি আমাক প্ৰশিক্ষণ দিয়াইছে।

বিিগত এছিয়ান গেমছত তুমি ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিলা। এছিয়ান গেমছত ভাগ লোৱাৰ অভিজ্ঞতা কেনে আছিল·

উত্তৰ ঃ এছিয়ান গেমছৰ কাৰণে ছিলেকচনৰ বাবে প্ৰথমে দুখন টুৰ্নামেণ্টত ভাগ ল’ব লগা হৈছিল। এখন টুৰ্নামেণ্ট বাংগালুৰুত আৰু আনখন হায়দৰাবাদত অনুষ্ঠিত হৈছিল। য’ত বাংগালুৰু টুৰ্নামেণ্টখনত ছেমিফাইনেলত হাৰিছিলো। আনহাতে, হায়দৰাবাদত মই প্ৰথম ছিনিয়ৰ টাইটেল লাভ কৰিবলৈ সক্ষম হওঁ আৰু এনেকৈয়ে তাত চেম্পিয়ন হৈ এছিয়ান গেমছত খেলাৰ সুযোগ পাওঁ। এছিয়ান গেমছত যথেষ্ট ভাল অভিজ্ঞতা হৈছিল। বিশ্বৰ বহু নামী-দামী খেলুৱৈক লগ পাইছিলো। ছাইনা, সিন্ধুহঁতক ওচৰৰ পৰা পাইছিলো। ছাইনা মোৰ ৰুমমেটো আছিল।

ছিাইনা নেহৱালক যিহেতু তুমি ওচৰৰ পৰা লগ পাইছিলা, তেওঁৰ পৰা বেডমিণ্টনৰ কিবা টিপ্‌ছ লাভ কৰিছিলা নেকি·

উত্তৰ ঃ ৰুমত ইমানকৈ বেডমিণ্টনৰ কথা পতা নাছিলো। তেওঁ কেৱল কৈছিল খোৱা-বোৱাৰ বিষয়ত যে বেছি অইল ফুড্‌ছ (তেলযুক্ত খাদ্য) খাব নালাগে। আৰু কৈছিল বাহিৰৰ প্ৰেছাৰবোৰৰ কথা চিন্তা নকৰি কেনেকৈ খেলবিধৰ ওপৰত মনোনিৱেশ কৰিব লাগে।

শিেহতীয়াকৈ অসমত চলি থকা ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টনত তুমি যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছা। আকাৰ্শীৰ লগত হোৱা খেলখনত নিজৰ যুঁজাৰু মনটোৰ পৰিচয় দি সুন্দৰকৈ জিকিলা। তাৰ পিছত ছেমিফাইনেলত বিশ্বৰ এক নম্বৰ ৰেংকিঙৰ খেলুৱৈ সিন্ধুকো তুমি ভাল প্ৰত্যাহ্বানেই জনালা। এই টুৰ্নামেণ্টখনৰ অভিজ্ঞতা তথা সিন্ধুৰ সৈতে খেলাৰ অভিজ্ঞতা সম্পৰ্কে কি ক’বা·

উত্তৰ ঃ এই টুৰ্নামেণ্টখনেও যথেষ্ট ভাল অভিজ্ঞতা দি গ’ল। সিন্ধুৰ লগত মই ইয়াৰ আগতেও ২০১৫ চনত খেলিছিলো। তেতিয়া মই সৰু আছিলো। আৰু ইমান ভাল খেলিব পৰা নাছিলো। এইবাৰ যেতিয়া সিন্ধুৰ সৈতে খেলিছিলো, খেলাৰ আগতে মই ভাবি লৈছিলো যে মই নিজৰ বেষ্ট দিম। বাহিৰৰ কোনো প্ৰেছাৰ নলওঁ। অৱশ্যে প্ৰথম ছেটত কিছু নাৰ্ভাছ হৈছিলো। তাৰ পিছত ছেকেণ্ড ছেটটোত গেমৰ গতিটোৰ লগত নিজকে মিলাবলৈ সক্ষম হ’লো।

ছিেকেণ্ড ছেটটো যথেষ্ট ভালেই খেলিছিলা·

উত্তৰ ঃ হয়, ছেকেণ্ড ছেটটো ল’ব পাৰিলোহেঁতেন। নিজৰ দুই-এটা ‘চিলি মিছটেক’ৰ কাৰণে সেয়া সম্ভৱ হৈ নুঠিল।

বিেডমিণ্টন নেখেলা সময়ত তুমি সাধাৰণতে কি কৰি ভাল পোৱা·

উত্তৰ ঃ বেডমিণ্টন নেখেলা সময়ত ফোনটোৰ লগত অলপ ব্যস্ত থাকো। ইনষ্টাগ্ৰাম, ফেচবুকত সময় কটাওঁ। তদুপৰি পাব্‌জি (Pub G) খেলো। পাব্‌জি খেলি মই ভাল পাওঁ।

আিচ্ছা, পাব্‌জিও খেলা· বাৰু সি যি কি নহওক, যিহেতু তুমি কৈছা ছ’চিয়েল মিডিয়া তুমি প্ৰায়ে ব্যৱহাৰ কৰা। ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰে তোমাৰ খেলৰ ওপৰত কিবা প্ৰভাৱ পেলাইছে বুলি ভাবা নেকি·

উত্তৰ ঃ নাই, ইমান বেছিও ব্যৱহাৰ নকৰো আচলতে। ষ্টেডিয়ামৰ ভিতৰত কেতিয়াও ফোন ব্যৱহাৰ নকৰো। টুৰ্নামেণ্টৰ সময়তো ইমানকৈ ব্যৱহাৰ নকৰো।

তিোমাৰ সন্মুখত এতিয়া কি কি ডাঙৰ টুৰ্নামেণ্ট আছে·

উত্তৰ ঃ এপ্ৰিলত মই যাম ফিনলেণ্ডলৈ। তাৰ পিছত নেদাৰলেণ্ড। দুয়োখনেই ইণ্টাৰনেচনেল টুৰ্নামেণ্ট। যদি ইয়াত ৰিজাল্ট ভাল হয়, তেন্তে মই স্পেইনত হ’বলগীয়া ইণ্টাৰনেচনেল চেলেঞ্জত অংশ লোৱাৰ সুযোগ পাম। তাৰ পিছত মোৰ লক্ষ্য হ’ব অলিম্পিক।

অিলিম্পিকত খেলাৰ সুযোগ পাবলৈ কেনেদৰে আগবাঢ়িব লাগিব·

উত্তৰ ঃ এতিয়া মই ইণ্টাৰনেচনেল টুৰ্নামেণ্টবোৰ খেলি পইণ্টছ গোটাব লাগিব। যেতিয়া বিশ্বৰ টপ ৫০ৰ ভিতৰত নাম আহিব, তেতিয়া অলিম্পিক খেলাৰ সুযোগ পাম।

বিাৰু, এতিয়া কোৱাচোন অস্মিতাৰ প্ৰিয় খাদ্য কি·

উত্তৰ ঃ প্ৰন্‌ছ (Prawns) আৰু চিকেন মোৰ প্ৰিয় খাদ্য।

তুিমি বিভিন্ন সময়ত খেলিবলৈ বিভিন্ন ঠাইলৈ গৈছা। তোমাৰ আটাইতকৈ প্ৰিয় ঠাই কোনকেইখন·

উত্তৰ ঃ নেদাৰলেণ্ডছ আৰু জাৰ্মানী।

শেষত ধন্যবাদ জনাইছো আমাক ইমানখিনি সময় দিয়াৰ বাবে আৰু শুভেচ্ছা থাকিল তোমাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে।

আপোনালৈকো বহুত বহুত ধন্যবাদ।nn

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments