Wednesday, July 6, 2022
HomeNewsবেডমিণ্টন ৱ'ৰ্ল্ড ফেডাৰচনে ঘোষণা কৰিলে নতুন কেলেণ্ডাৰ

বেডমিণ্টন ৱ’ৰ্ল্ড ফেডাৰচনে ঘোষণা কৰিলে নতুন কেলেণ্ডাৰ

বেডমিণ্টন ৱ’ৰ্ল্ড ফেডাৰচনে ঘোষণা কৰিছে নতুন কেলেণ্ডাৰ। কৰ’না মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি অন্যান্য ক্ৰীড়াৰ লগতে বেডমিণ্টৰ বিভিন্ন প্ৰতিযোগিতা বন্ধ হৈ আছিল। কৰ’নাৰ মহামাৰীৰ ভয়াবহতা শেষ হোৱা নাই যদিও এতিয়া আৰম্ভ হৈছে বিভিন্ন ক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতা।

ফেডাৰচনে ঘোষণা কৰা নতুন কেলেণ্ডাৰ অনুসৰি ১১ মে’ৰ পৰা ১৬ মে’লৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ইণ্ডিয়া অ’পেন চুপাৰ ৫০০ ইভেণ্ট। আনহাতে আগন্তুক চিজন আৰম্ভ হ’ব এছিয়ান লীগৰ জৰিয়তে। এই এছিয়ান লীগ সমূহত থাইলেণ্ড অ’পেন আৰু BWFWorld Tour Final আছে। ইয়াৰ উপৰিও মাৰ্চত অনুষ্ঠিত হ’ব ইউৰোপত বিভিন্ন প্ৰতিযোগিতা‌। ইউৰোপৰ ছুইছ অ’পেন চুপাৰ ৩০০, জাৰ্মান অ’পেন চুপাৰ ৩০০ আৰু অল ইংলেণ্ড চেম্পিয়নশ্বিপৰ দৰে বৃহৎ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এপ্ৰিল আৰু মে’ত চিংগাপুৰ অ’পেন চুপাৰ ৫০০, ইণ্ডিয়া অ’পেন অনুষ্ঠিত হ’ব।

ইফালে কৰ’নাৰ বাবে স্থবিৰ হৈ পৰা অলিম্পিক কোৱালিফাইং প্ৰক্ৰিয়া পুনৰ নতুন বছৰৰ মে’ত আৰম্ভ হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments