Monday, July 4, 2022
HomeNewsবেবী লীগলৈ বিপুল সহাৰিঃ পুৱা ৬ বজাতৈই ৭০ কিমি দূৰত্ব অতিক্ৰম কৰি...

বেবী লীগলৈ বিপুল সহাৰিঃ পুৱা ৬ বজাতৈই ৭০ কিমি দূৰত্ব অতিক্ৰম কৰি দূৰ্গম অঞ্চলৰ পৰা আহিল ৬ বছৰীয়া শিশু ফুটবলাৰ

মেঘালয়ত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে গল্ডেন বেবী লীগ প্ৰতিযোগিতা। ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনে এতিয়া দেশৰ সংবাদ শিৰোনাম দখল কৰিছে। মেঘালয়ৰ লেইটছেহ গাঁৱত অনুষ্ঠিতহোৱা এই প্ৰতিযোগিতাখনত এতিয়া ভাগ লবলৈ মেঘালয়ৰ অতি দূৰ্গম অঞ্চলৰ পৰা শিশুৰ সোঁত বৈছে।কেইবাশতাধিক শিশুৱে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ পুৱাই ৭০ কিলোমিটাৰ বাট অতিক্ৰম কৰি প্ৰতিযোগিতাস্থলীত শিশুসকল উপস্থিত হৈছে।

২০১৮ চনৰ পৰা সৰ্বভাৰতীয় ফুটবল ফেডাৰছনে দেশৰ ৬ ৰ পৰা ১২ বছৰীয়া শিশুসকলৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। প্ৰতিযোগিতাখনৰ উদ্দেশ্য হৈছে কম বয়সতে দেশৰ শিশুক ফুটবলৰ বাবে প্ৰেৰণা যোগোৱা। ইয়াৰ উপৰিও লীংগ, ধৰ্ম, আৰ্থিক স্থিতি আদিৰ মতভেদ নাৰাখি সকলোকে ফুটবলৰ সকলো সুযোগ-সুবিধা প্ৰদান কৰা।

বেবী লীগৰ সংঞ্চালক গীলবাৰ্ট জেকছনে সংবাদ মাধ্যমৰ আগত কয়, আগন্তক সময়ত ছোৱালীৰ বাবে পৃথককৈ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। এনে কৰিলে ছোৱালীৰ মাজতো ফুটবল জনপ্ৰিয় হোৱাৰ লগতে অভিভাৱকসকলেও নিজৰ ছোৱালীক ফুটবল খেলিবলৈ খেলপথাৰলৈ পথিয়াব।

তেওঁ আকৌ কয়, আমাৰ মুখ্য উদ্দেশ্য হৈছে তৃণমূল পৰ্যায়ৰ পৰা জনসাধাৰণৰ মনত ফুটবলৰ বাবে স্থান দখল কৰা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments