Sunday, October 2, 2022
HomeNewsবোকাখাত জিলা ক্ৰীড়া সন্থাৰ 'এ' ডিভিজন লীগৰ চেম্পিয়ন এন আৰ এল ...

বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ‘এ’ ডিভিজন লীগৰ চেম্পিয়ন এন আৰ এল ফুটবল একাডেমী

বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ‘এ’ ডিভিজন লীগৰ চেম্পিয়ন এন আৰ এল ফুটবল একাডেমী

অলিম্পিয়া প্ৰতিবেদন:

বোকাখাত ষ্টেডিয়ামত ফুটবলৰ বতাহ । সমাপ্ত হ’ল বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ‘এ’ ডিভিজন ফুটবল লীগ । চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে এন আৰ এল একাডেমীয়ে । হাতত ট্ৰফী লৈ খেলুৱৈৰ মুখত বিজয়ৰ হাঁহি ।

বিগত মাৰ্চ মাহৰ পৰা অসম ফুটবল সন্থাৰ সৌজন্যত তথা বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় নগেন বৰা সোঁৱৰণি ‘এ’ ডিভিজন ফুটবল লীগ । প্ৰায় এমাহ জুৰি ৮ টাকৈ দলে দাঙি ধৰিলে নিজ দলৰ ক্ৰীড়া প্ৰদৰ্শন । দলসমূহ হৈছে – এন আৰ এল একাডেমী, ৰাধাবাৰী চাহ বাগিচা, পাম লাইন চাহ বাগিচা, উপৰ টেমেৰা ফুটবল ক্লাব, লখৌজান চাহ বাগিচা, বোকাখাত চাহ বাগিচা, বিহৰা ৰয়েল ফুটবল ক্লাব আৰু ড্ৰেগন ফুটবল ক্লাব । দেওবাৰে ফাইনেলৰ যুঁজত অৱৰ্তীণ হল লখৌজান চাহ বাগিচাৰ দল বনাম এন আৰ এল ফুটবল একাডেমী । তীব্ৰ উত্তেজনা পূৰ্ণ মেচখনত ৪-১ গ’লৰ ব্যৱধানত জয়ী হল এন আৰ এল ফুটবল একাডেমী । বিজয়ী দলে হাতত তুলি ল’লে বিজয়ৰ ট্ৰফী । বৃহত্তৰ বোকাখাতৰ ফুটবলপ্ৰেমীয়ে উপভোগ কৰিলে এখন সুন্দৰ ফুটবল টুৰ্ণামেন্ট । ফাইনেল মেচ প্ৰত্যক্ষ কৰিলে প্ৰায় দুই সহস্ৰাধিক ৰাইজে ।

আৰু অধিক পঢ়ক

বিজয়ী দলক চেম্পিয়নৰ ট্ৰফী প্ৰদান কৰে বিশিষ্ট ক্ৰীড়া সংগঠক ডা: পুলিন চন্দ্ৰ বৰকটকী, বোধৰাজ ছেত্রী আৰু পবিত্র গগৈয়ে । ইফালে, ফাইনেলিষ্ট দলক ট্ৰফী প্ৰদান কৰে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি উৎপল বৰদলৈ আৰু এন আৰ এল বিষয়া বিপুল ঠাকুৰীয়াই । সেইদৰে লীগৰ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে এন আৰ এল ফুটবল একাডেমীৰ কনক ব্ৰহ্মই । লীগৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান অৰ্জন কৰিলে লখৌজান চাহ বাগিচা দলৰ বিশাল দেউৰীয়ে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখযোগ্য যে, চূড়ান্ত খেলৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিল বোকাখাত ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক দ্বিপেন শইকীয়া, মনোজ বৰা, সহকাৰী সম্পাদক পৰশুৰাম কৰ্মকাৰ, সুনীল কালিন্দী, ইনড’ৰ গেমছৰ সম্পাদক জিতু বৰা, মহিলা ফুটবল বিভাগৰ সম্পাদক প্ৰকাশ ঘাটোৱাৰ আদিৰ লগতে ফুটবলপ্ৰেমী ৰাইজ ।
এই লীগত বিজয়ী হোৱাৰ পাছতেই অসম ক্লাব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিলে এন আৰ এল ফুটবল একাডেমীয়ে ।

এনে সুন্দৰ টুৰ্ণামেন্ট উপহাৰ দিয়াৰ বাবে বোকাখাতৰ ফুটবলপ্ৰেমীয়ে ধন্যবাদ জনাইছে বোকাখাত ক্ৰীড়া সন্থাক । ক্ৰীড়া অনুৰাগীৰ আশা –এনে টুৰ্ণামেন্টৰ জৰিয়তে জাগ্ৰত হৈ উঠক অসমৰ সুপ্ত প্ৰতিভা । ফুটবলৰ ক্ৰীড়াঙ্গনত দপদপাই থাকক অসমৰ প্ৰতিভাৱান ফুটবলাৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments