Wednesday, September 28, 2022
HomeNewsবোপান্না একাডেমীৰ সহযোগত এডভান্স টেনিছ প্ৰশিক্ষণ

বোপান্না একাডেমীৰ সহযোগত এডভান্স টেনিছ প্ৰশিক্ষণ

বোপান্না একাডেমীৰ সহযোগত এডভান্স টেনিছ প্ৰশিক্ষণ

অলিম্পিয়া প্রতিবেদন: সদৌ অসম টেনিছ সন্থাই অহা ২২-২৮ এপ্ৰিলত এডভান্স টেনিছ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে । সদৌ অসম টেনিছ সন্থাৰ গুৱাহাটীৰ চচল প্রকল্পত এই শিবিৰটো অনুষ্ঠিত হ’ব । ৰাজ্যখনৰ অগ্ৰণী খেলুৱৈসকলে এই শিবিৰত অংশগ্ৰহণ কৰিব পাৰিব । ইয়াত সহযোগিতা আগবঢ়াব বেংগালুৰুৰ ৰোহন বোপান্না টেনিছ একাডেমীয়ে । কেইবাটাও গ্ৰেণ্ডশ্লাম খিতাপ দখল কৰা দেশৰ আগশাৰীৰ টেনিছ খেলুৱৈ ৰোহন বোপান্নাই বেংগালুৰুত গঢ়ি তুলিছে উন্নতমানৰ একাডেমীটো।

আৰু অধিক পঢ়ক

এই একাডেমীৰ সহযোগত অসমত প্ৰথমবাৰৰ বাবে এনে এডভান্স প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । এই শিবিৰৰ যোগেদি অসমৰ টেনিছ খেলুৱৈ উপকৃত হ’ব বুলি ভবা হৈছে । শিবিৰত মুখ্য প্ৰশিক্ষকৰূপে থাকিব সাগৰ মাঞ্জানা আৰু তেওঁক সহায় কৰিব ফিজিকেল ট্ৰেইনাৰ ধ্ৰুৱ বলৰামনে । এই বাতৰি প্ৰেৰণ কৰিছে সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments