Tuesday, July 5, 2022
HomeNewsব্ৰহ্মপুত্ৰ ভলীবল লীগত ১২ বছৰ অনুৰ্ধৰ খেলুৱৈক অন্তৰ্ভুক্ত

ব্ৰহ্মপুত্ৰ ভলীবল লীগত ১২ বছৰ অনুৰ্ধৰ খেলুৱৈক অন্তৰ্ভুক্ত

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস

অসম ভলীবল মিছন-১০০ৰ বিগত দুই বছৰ অভূতপূৰ্ব সফলতাৰ পিছত অসমত ভলীবলৰ এক জাগৰণ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । অসমৰ বিভিন্ন জিলাৰ চুকে কোণে মিছন-১০০ৰ উদ্যোগত ১০০ টা ক্লাব গঢ় লৈ উঠিছে । বিশেষকৈ ব্ৰহ্মপুত্ৰ ভলীবল লীগে অসমত নতুনকৈ বহু খেলুৱৈৰ সৃষ্টি কৰিছে । ইয়াৰ অন্তৰালত আছে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা মিছন-১০০ৰ মুখ্য উদ্যোক্তা অভিজিৎ ভট্টাচাৰ্যৰ সৱল নেতৃত্ব । তেওঁৰ নেৰানেপেৰা প্ৰচেষ্টাতে অসমৰ নিস্বাৰ্থভাৱে ভলীবলক আন্তৰিকতাৰে ভাল পোৱা এদল সৈনিকে অহৰহ ভলীবলৰ ওপৰত কাম কৰি থকা দেখা গৈছে । এতিয়া আৰু ভলীবল বা নেটৰ অভাৱত খেলুৱৈসকলে অনুশীলনৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা নাই । এই ক্ষেত্ৰত অ’ এন জি চি, অইল ইণ্ডিয়া আৰু শুভাকাংখীসকলে অসমৰ অতিকৈ জনপ্ৰিয় খেলবিধক আগবঢ়াই নিয়াৰ বাবে মিছন-১০০ক সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াই থকা দেখা গৈছে । যোৱা ৭ নবেম্বৰ ২০২১ত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দ্বিতীয় সংস্কৰণৰ খেল আৰম্ভ হৈছিল । ইয়াত অসমৰ ২৮ খন জিলাৰ ৯৩ টা চেণ্টাৰৰ ১৬ বছৰ আৰু ২১ বছৰ অনূৰ্দ্ধৰ ল’ৰা-ছোৱালী উভয়ৰে মুঠ ২০৯ টা দলে অংশগ্ৰহণ কৰি লীগখনৰ সৌষ্ঠৱ বঢ়াইছিল । প্ৰায় ২২০০ খেলুৱৈয়ে লীগত খেলাৰ সুবিধা পাইছে । এইবেলি ১৬ আৰু ১২ বছৰ অনূৰ্দ্ধৰ খেলুৱৈৰ বাবেও ব্ৰহ্মপুত্ৰ ভলীবল লীগত অন্তৰ্ভুক্ত কৰিব বুলি জানিব পৰা গৈছে । ১২ বছৰৰ খেলুৱৈৰ মাজত চাৰ্ভ, ৰিচিভ, শ্বেট, ড্ৰপ আৰু ডিফেন্সৰ ওপৰতে লীগখন হ’ব । ইয়াত খেলুৱৈসকলে স্মেচ কৰিব নোৱাৰিব । ইতিমধ্যে অসমৰ সৰ্বত্ৰতে খেলুৱৈসকলে অনুশীলন আৰম্ভ কৰি দিছে । লীগখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে — এই লীগত কোনো ধৰণৰ বাজেট নাই । ৰাইজৰ সহযোগতে বৃহৎ লীগখন চলি আছে । ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত উক্ত লীগখন সমাদৃত হৈছে । আনকি বহু ৰাজ্যই ব্ৰহ্মপুত্ৰ ভলীবল লীগক আৰ্হি হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ই সঁচাকৈয়ে আমাৰ বাবে গৌৰৱৰ বিষয় । মিছন-১০০ ৰ উদ্দেশ্যই হৈছে অসমত ভলীবলৰ বহল আৰু সূদৃঢ় ভেটি নিৰ্মাণ কৰি পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অসম দলে উন্নত প্ৰদৰ্শন দাঙি ধৰক । ইয়াৰ বাবে সূপৰিকল্পিতভাৱে আঁচনি তৈয়াৰ কৰি ইয়াৰ ফলাফলৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে । এনেদৰে আগবাঢ়ি গৈ থাকিলে অসমৰ ভলীবল দলেও ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত সুনাম কঢ়িয়াই আনিব বুলি সচেতন ক্ৰীড়াপ্ৰেমীয়ে আশা প্ৰকাশ কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments