এক শোকাবহ বিমান দুৰ্ঘটনা সংঘটিত হৈছে ব্ৰাজিলত। দুৰ্ঘটনাটোত মৃত্যু হৈছে বিমানখনত থকা একেটা ক্লাবৰ আটাইকেইগৰাকী খেলুৱৈৰ লগতে পাইলটগৰাকী। জানিব পৰা মতে ক’ভিড-১৯ ত আক্ৰান্ত খেলুৱৈকেইগৰাকীয়ে আইশ্যলেচন পিৰিয়ড সময় পাৰ কৰি উঠিছিল। সেয়ে এখন প্ৰাইভেট প্লে’নত খেলুৱৈ কেইগৰাকীৰ লগতে ক্লাবটোৰ সভাপতিজনে যাত্ৰা কৰিছিল।
মৃত ব্ৰাজিলৰ পালমা ক্লাবৰ খেলুৱৈকেইজনে এখন ফুটবল মেচ খেলিবলৈ Goiania লৈ উৰা মাৰিছিল। জানিব পৰা মতে প্লে’নখনত থকা খেলুৱৈকেইগৰাকী হ’ল Lucas Praxedes, Guilherme Noe, Ranuel, Marcus আৰু সভাপতি Lucas Meira।