Tuesday, July 5, 2022
HomeNewsব্ৰাজিলৰ ফুটবলাৰৰ ওপৰত আক্ৰমণ

ব্ৰাজিলৰ ফুটবলাৰৰ ওপৰত আক্ৰমণ

ব্ৰাজিলৰ ফুটবলাৰৰ ওপৰত আক্ৰমণ

অলিম্পিয়া প্ৰতিবেদন: শুকুৰবাৰে ব্ৰাজিলৰ ৰাজধানী ছাও পাওলোৰ এক নৈশ ক্লাবৰ সমূখত হলীউদৰ ‘‘হৰৰ ছিনেমা’’ৰ দৰে এক ঘটনা ৷ সমূখ সমৰত আচিনাক্ত বন্দুকধাৰী আততায়ী আৰু ব্ৰাজিল আৰক্ষী ৷ নিমিষতে ৰক্তাক্ত হৈ পৰে ছাও পাওলোৰ ৰাজপথ ৷

আৰু অধিক পঢ়ক

ঘটনাৰ বিৱৰণী অনুসৰি ইউৰোপিয়ন ক্লাব টোটেনহাম হটম্পাৰৰ সৈতে চুক্তিবদ্ধ ব্ৰাজিলিয়ান ফুটবলাৰ এমাৰছন ৰয়াল বৰ্তমান পৰিয়ালৰ সৈতে ছুটিৰ দিনবোৰ কটোৱাৰ বাবে স্বগৃহত আছে ৷ সেইদিনা বন্ধু বান্ধবৰ সৈতে নৈশক্লাব এৰাৰ সময়ত এমাৰছনৰ অনুৰাগী তথা ব্ৰাজিল আৰক্ষীৰ এজন বিষয়া আগবাঢ়ি আহি ফুটবলাৰজনৰ অটোগ্ৰাফ বিচাৰে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

আৰক্ষী বিষয়াজনৰ সৈতে মতবিনিময় কৰাৰ পিছত ঘৰমূৱা হোৱাৰ সময়তে ৫-৬ জনীয়া বন্দুকধাৰীয়ে এমাৰছনৰ গাড়ী আগছি ডকাইটিৰ চেষ্টা চলায় ৷ লগে লগে আৰক্ষী বিষয়াজনে আততায়ী কেইজনক বাধা দিবলৈ চেষ্টা কৰাত তেওঁলোকে গুলি চালনা আৰম্ভ কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষী বিষয়াজনেও গুলীচালনা কৰে ৷ কিছু সময়ধৰি এই গুলীয়াগুলী অব্যাহত থাকে ৷ অৱশেষত আৰক্ষীৰ গুলীত গুলিবিদ্ধ হয় আততায়ী কেইজন ৷

দুয়োপক্ষৰ মাজত ২৯ টা গুলী চলোৱা হয় বুলি ব্ৰাজিল আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে ৷ টুইটাৰৰ জৰিয়তে এমাৰজনে আৰক্ষী বিষয়াজনক ধন্যবাদ জনোৱাৰ লগতে দেশত বৃদ্ধি পোৱা অপৰাধৰ ঘটনাৰ বাবে উদ্বেগ ব্যক্ত কৰিছে ৷ ফুটবলাৰজনৰ সৈতে হোৱা এই দুৰ্ঘটনাৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে দেশৰ একাংশ ফুটবলাৰেও ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments