Tuesday, July 5, 2022
HomeNewsব্ৰাজিলৰ বধিৰ অলিম্পিকত ভাৰতৰ ৭ স্বৰ্ণসহ মুঠ ১৬ টা পদক

ব্ৰাজিলৰ বধিৰ অলিম্পিকত ভাৰতৰ ৭ স্বৰ্ণসহ মুঠ ১৬ টা পদক

অলিম্পিয়া প্ৰতিবেদন

দক্ষিণ ব্ৰাজিলৰ কাক্সিয়া ডো ছুল চহৰত অনুষ্ঠিত বধিৰ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ৭ টা স্বৰ্ণ পদকসহ মুঠ ১৬ টা পদক অৰ্জন কৰিছে ৷ ইয়াৰ ভিতৰত আছে ১ টা ৰূপ আৰু ৮ টা ব্ৰঞ্জৰ পদক ৷ এই অলিম্পিকৰ ১১ টা ক্ৰীড়া ইভেণ্টত ভাৰতৰ ৬৫ গৰাকী ক্ৰীড়াবিদে অংশগ্ৰহণ কৰে ৷ ১৯৬৫ চনত আৰম্ভ হোৱা বধিৰ অলিম্পিকত ভাৰতৰ হৈ এইটোৱে আছিল বৃহৎ প্ৰতিনিধি ৷ ভাৰতীয় দলৰ হৈ অধিক সংখ্যক স্বৰ্ণ পদক আহে শ্বুটিং ইভেণ্টত ৷ ভাৰতীয় শ্বুটাৰৰ দলটোৱে ৩ টা সোণ আৰু ২ টা ব্ৰঞ্জেৰে শ্বুটিং ইভেণ্টৰ দ্বিতীয় স্থানত থাকে ৷ ভাৰতৰ হৈ পুৰুষৰ ১০০ মিটাৰ এয়াৰ ৰাইফলত ধনুশ শ্ৰীকান্তে সোণ আৰু শৌৰ্য ছাইনিয়ে ব্ৰঞ্জৰ পদক পায় । বেডমিণ্টনৰ মিক্সড দলীয় ইভেণ্টৰ ফাইনেলত জাপানক পৰাস্ত কৰি ভাৰতে সোণৰ পদক অধিকাৰ কৰে ৷ দলত আছিল জাৰ্লিন জয়াৰাটচাগন আৰু অভিনৱ শৰ্মা ৷ শ্বুটিঙৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলত অভিনৱ দেশৱালে সোণ, ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড দলীয় শাখাত ধনুশ শ্ৰীকান্ত আৰু প্ৰিয়াসা দেশমুখে সোণ অৰ্জন কৰে ৷ মহিলাৰ ছিংগলছ বেডমিণ্টনত সোণ দখল কৰে জাৰ্লিন জয়াৰাটচাগনে ৷ মহিলাৰ গল্ফত সোণ দখল কৰে দিশা ডাগৰে ৷ পুৰুষৰ ৯৭ কেজি ফ্ৰী ষ্টাইল মল্লযুঁজত সোণৰ পদক লাভ কৰে সুমিত দাহিয়াই । পুৰুষৰ ডাবলছ টেনিছত পৃথিৱী শেখৰ আৰু ধনঞ্জয় ডুৱেই ৰূপৰ পদক পায় ৷ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ভেদিকা শৰ্মা, পুৰুষ ছিংগলছ বেডমিণ্টনত অভিনৱ শৰ্মা, পুৰুষ ছিংগলছ টেনিছত পৃথিৱী শেখৰ, পুৰুষৰ ৭৪ কেজি ফ্ৰী ষ্টাইল মল্লযুঁজত বীৰেন্দৰ সিং আৰু ৮৬ কেজি ফ্ৰী ষ্টাইল মল্লযুঁজত অমিত কৃষাণে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ বধিৰ অলিম্পিকত এয়া আছিল ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন ৷ ইয়াৰ পূৰ্বে ১৯৯৩ চনত ছোফিয়াত ভাৰতে ৫ টা সোণ, ২ টা ব্ৰঞ্জসহ মুঠ ৭ টা পদক অৰ্জন কৰিছিল ৷
লক্ষ্যণীয়ভাৱে এইবাৰৰ বধিৰ অলিম্পিকৰ টাইকোৱানডো ইভেণ্টত অসমৰ এজন প্ৰতিযোগীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । তেওঁ হ’ল গুৱাহাটীৰ অভিনন্দন গোস্বামী ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments