অলিম্পিয়া প্ৰতিবেদন
চলিত বৰ্ষৰ আই পি এল অন্ত পৰাৰ পাছতে কলকাতা দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব এৰিব ব্ৰেণ্ডন মেককুলামে । তেওঁৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছ দলৰ কোন হ’ব মুখ্য প্ৰশিক্ষক ? ইয়াক লৈ এতিয়া চৰ্চাত ক্ৰীড়াপ্ৰেমী ।
নিউজিলেণ্ডৰ প্ৰাক্তন তাৰকা বেটাৰ মেককুলামে কলকাতাৰ দায়িত্ব এৰি ইংলেণ্ড জাতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব । এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে চিন্তিত হৈছে দলটো ।লগতে তেওঁৰ পাছতে সমুখলৈ আহিছে ৫ খন মুখ ।
জেক কালিছ । দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ জেক কালিছ । ২০১৪ চন পৰ্যন্ত কলকাতা দলৰ বেটিং প্ৰশিক্ষক হিচাপে অৱদান আগবঢ়োৱা কালিছ পুনৰ ঘূৰিব পাৰে এই দললৈকে ।
ট্ৰেভৰ বাইলিছ । ইংলেণ্ড জাতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক ট্ৰেভৰ বাইলিছ । ২০১২ ৰ পৰা ২০১৫ পৰ্যন্ত আছিল কলকাতা দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত । তেওঁৰ প্ৰশিক্ষণতে কলকাতাই পাইছিল দুবাৰকৈ চেম্পিয়নৰ সন্মান । মেককুলামৰ পাছতে সম্ভাৱনাৰ শীৰ্ষত আছে বাইলিছ ।
জাষ্টিন লাংগাৰ । অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক জাষ্টিন লাংগাৰ । পৰৱৰ্তী সময়ত কলকাতা দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব পাৰে লাংগাৰে ।
ডেভিড হাছি । অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ডেভিড হাছি । মেগা নিলামত কলকাতাৰ খেলুৱৈসকলৰ বেছ পৰিচিত হোৱাৰ বাবে অনাগত দিনত হাছিকো দেখিব পাৰে কলকাতা প্ৰেমীয়ে ।
ছাইমন কাটিছ । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰাক্তন প্ৰশিক্ষক ছাইমন কাটিছ । পূৰ্বতে অষ্ট্ৰেলিয়া দলৰো আছিল প্ৰশিক্ষক । ইয়াৰ উপৰি এই বছৰ মেগা নিলামৰ পাছতে তেওঁ ত্যাগ কৰিছিল হায়দৰাবাদ দলৰ সহ:প্ৰশিক্ষকৰ দায়িত্ব । আনহাতে জেক কালিছৰ কাৰ্যকালত কলকাতা দলত পালন কৰিছিল সহ:প্ৰশিক্ষকৰ দায়িত্ব । যাৰ বাবে অনাগত দিনত তেওঁকো এই দলৰ প্ৰশিক্ষকৰ ৰূপত দেখা পাব পাৰে বিশ্ববাসীয়ে ।