Friday, September 30, 2022
HomeNewsবৰপেটাত কাৰাটে প্ৰতিযোগিতা

বৰপেটাত কাৰাটে প্ৰতিযোগিতা

বৰপেটাত কাৰাটে প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন:বৰপেটাত কাৰাটে প্ৰতিযোগিতা । সমৰকলাৰে জীপাল বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ । উদীয়মান খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । সকলোৰে চকুত পদক জয়ৰ সপোন । বৰপেটা জিলা কাৰাটে সন্থাৰ আদৰণীয় পদক্ষেপ ।

শনিবাৰে বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’ল ” দ্বিতীয় বৰপেটা জিলা কাৰাটে চেম্পিয়নশ্বিপ ” । অসম কাৰাটে সন্থাৰ সহযোগত তথা বৰপেটা জিলা কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশ ললে জিলাখনৰ প্ৰায় ২০০ গৰাকী খেলুৱৈয়ে । সকলো কেৰাটেকাই প্ৰতিযোগিতাখনত দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । এই প্ৰতিযোগিতাত পদকপ্ৰাপ্ত খেলুৱৈসকলে অনাগত দিনত হ’ব লগা ৰাজ্যিক চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব বুলি জনালে বৰপেটা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক শৈলেন দাসে—-

 

উল্লেখযোগ্য যে, এই চেম্পিয়নশ্বিপত উপস্থিত থাকিল অসম কাৰাটে সন্থাৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতা, সন্থাৰ সম্পাদক আৰ্দশ চৌধুৰী, আয়োজক সমিতিৰ সভাপতি অনিল দাস, বৰপেটা জিলা কাৰাটে সন্থাৰ সভাপতি কৃষ্ণ কান্ত দাসৰ লগতে সন্থাৰ বিষয়-ববীয়া সকল ।

ক্ৰীড়া অনুৰাগীৰ আশা —- -ক্ৰীড়াক্ষেত্রত দোপদদোপে আগুৱাই যাওক অসমৰ কাৰাটে খেলুৱৈ । এনে প্ৰতিযোগিতাৰ আচলত ধৰিয়েই আন্তঃৰাষ্ট্ৰীয় মুখী হওক উদীয়মান সমৰকলাৰ খেলুৱৈসকল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments