Tuesday, October 4, 2022
HomeNewsবৰপেটাৰোড ষ্টেডিয়ামত ফুটবলৰ উন্মাদনা

বৰপেটাৰোড ষ্টেডিয়ামত ফুটবলৰ উন্মাদনা

বৰপেটাৰোড ষ্টেডিয়ামত ফুটবলৰ উন্মাদনা

অলিম্পিয়া প্ৰতিবেদন: বৰপেটাৰোড ষ্টেডিয়ামত ফুটবলৰ উন্মাদনা । সমুখ সমৰত গোঁসাইগাঁও গ্লোবেল ক্লাব বনাম বাৰাদী ফুটবল ক্লাব । কোৱাৰ্টাৰ ফাইনেলত জয় টীম বাৰাদীৰ । দৰ্শকৰ হৰ্ষ উল্লাসত মুখৰিত ফুটবলৰ খেলপথাৰ ।

বৰপেটাৰোডত ফুটবল টুৰ্ণামেন্ট । বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু বৰপেটাৰোড ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰাজ্যিক ভিত্তিত দ্বিতীয় সংখ্যক নীলকান্ত পাটোৱাৰী সোঁৱৰণি প্ৰাইজমানি ফুটবল টুৰ্ণামেন্ট ।

ৰাজ্যৰ কেইবাটাও শক্তিশালী ফুটবল দলে অংশগ্ৰহণ কৰিছে এই সংৰ্বাগসুন্দৰ প্ৰতিযোগিতাখনত । দেওবাৰে এখন হাই ভল্টেজ মেচত অৱৰ্তীণ হ’ল গোঁসাইগাঁও গ্লোবেল ক্লাব বনাম বাৰাদী ফুটবল ক্লাব । সময় ঠিক ৩ বজাৰ লগে লগে দৰ্শকৰ সমাৱেশত প্ৰাণ পাই উঠিল বৰপেটাৰোড ষ্টেডিয়াম । তীব্ৰ উত্তেজনাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত ৫-৪ গ’লৰ ব্যৱধানত বাৰাদী দলে গোঁসাইগাঁও গ্লোবেল ক্লাবক কৰিলে পৰাস্ত । ফলত ছেমি ফাইনেলৰ পথ প্ৰশস্ত হল টীম বাৰাদী এফ চিৰ ।

উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাৰ ফাইনেলৰ মহাৰণ অনুষ্ঠিত হ’ব অহা ২৫ ছেপ্টেম্বৰত । কোনে দখল কৰিব এই ফুটবল টুৰ্ণামেন্টৰ চেম্পিয়নৰ খিতাপ ? ফাইনেলৰ বাবে সাজু হৈ পৰিছে বৰপেটা জিলা ক্ৰীড়া সন্থা আৰু বৰপেটাৰোড ক্ৰীড়া সন্থা । ফাইনেলৰ মেচ প্ৰত্যক্ষ কৰিবলৈ সাজু বৰপেটাৰোডৰ অজস্ৰ ফুটবলপ্ৰেমী । এখন সুন্দৰ টুৰ্ণামেন্ট উপহাৰ দিয়াৰ বাবে উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় ৰাইজে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments