Tuesday, October 4, 2022
HomeNewsবৰপেটাৰ ভলীবলৰ অক্লান্ত সৈনিক বুদ্ধদেৱ দাস

বৰপেটাৰ ভলীবলৰ অক্লান্ত সৈনিক বুদ্ধদেৱ দাস

অলিম্পিয়া প্ৰতিবেদন

বৰপেটাৰ এগৰাকী ভলীবলৰ অক্লান্ত সৈনিক । যি মনে প্ৰাণে ভাল পাই ভলীবলক। আশী দশকৰ পৰা অসম ভলীবলৈ দি গৈছে অৰিহনা । নাম তেওঁৰ বুদ্ধদেৱ দাস ।

১৯৮৭ চনতেই খেলুৱৈ হিচাপে ভলীবল হাতত তুলিছিল বুদ্ধদেৱ দাসে । আন্তঃজিলাৰ উপৰি ৰাষ্ট্ৰীয় ভলীবলত খেলাৰ আছে অভিজ্ঞতা । ২০১২ বৰ্ষলৈকে উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উজাৰি দিছিল নিজৰ শ্ৰেষ্ঠত্ব । জুনিয়ৰ নেচনেল, য়ুথ নেচনেল, ছিনিয়ৰ নেচনেল, ইষ্ট জ’ন, নৰ্থ ইষ্ট আদি খেলত প্ৰতিভাৰ বহিঃপ্ৰকাশ ঘটিছিল বুদ্ধদেৱৰ ।তেওঁৰ গুৰু আছিল গুজৰাটৰ এছ আৰ যাদৱ, প্ৰেম শৰ্মা, আছান আলী, মনোজ দে আদি ।
এইগৰাকী ভলীবলপ্ৰেমী বুদ্ধদেৱে ২০১২ চনৰ পাছৰ পৰা আত্মপ্ৰকাশ কৰে এগৰাকী প্ৰশিক্ষক হিচাপে । ২০১২ ত বৰপেটা ক্ৰীড়া সন্থাৰ ভলীবল সম্পাদকৰ দায়িত্ব লোৱাৰ পাছৰে পৰা আন আন ক্ৰীড়াসমূহৰ লগতে বৰপেটাত ভলীবলৰ উত্তৰণৰ বাবে উঠিপৰি লাগিল । প্ৰথম অৱস্থাত প্ৰায় ২০১০ বৰ্ষৰ পৰা এক দীঘলীয়া সময় জুৰি বৰপেটা ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল প্ৰশিক্ষক অশ্বিনী দাসে । পাছৰ পৰ্যায়ত প্ৰায় ২০১৬ চনৰ পৰা প্ৰশিক্ষণৰ বাঘজৰী আহি পৰে বুদ্ধদেৱ দাসৰ ওপৰত । অৱশ্যে অশ্বিনী দাসৰ দিনৰ পৰা বৰপেটা দলটো হৈ পৰিছিল শক্তশালী । কেইবাবাৰো অৰ্জন কৰিছিল ৰাজ্যিক চেম্পিয়নৰ খিতাপ ।সেইদৰে বুদ্ধদেৱ দাসৰ তত্বাৱধানতো ছাব জুনিয়ৰত হৈছে চেম্পিয়ন ।
প্ৰশিক্ষক বুদ্ধদেৱ দাসে জন্ম দিছে বহু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ । ইয়াৰ ভিতৰত বৰপেটাৰ দ্বীপ দাস, গকুল দাস, বজালীৰ সুনীল দাস, গণেশ দাস, প্ৰয়াত মুনিন্দ্ৰ দাস অন্যতম ।
বৰ্তমান বৰপেটা ক্ৰীড়া সন্থাৰ খেলপথাৰত এজাক উদীয়মান খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে বুদ্ধদেৱ দাসে । সহ প্ৰশিক্ষক হিচাপে আছে হীতেন দাস । বৰপেটাৰ ২০ গৰাকী লৰা, ৮ গৰাকী ছোৱালীক দৈনিক কৰাইছে ভলীবলৰ অনুশীলন । ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীত অধ্যয়নৰত মুঠ ৪০ গৰাকী শিক্ষাৰ্থীয়ে পুৱা গধুলি শিকিছে ভলীবলৰ আদিপাঠ । বৰপেটা ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰশিক্ষক বুদ্ধদেৱৰ লক্ষ্য এই উদীয়মান ভলীবলাৰক লৈ এটা ১২ বছৰ বা ১৩ বছৰ অনূৰ্দ্ধৰ ভলীবল দল নিৰ্মাণ কৰা । তাৰ বাবে বহু কষ্ট স্বীকাৰ কৰিছে বৰপেটাৰ ক্ৰীড়া সন্থাই । চৰকাৰী সাহায্য নাপালেও খেলুৱৈ সৃষ্টিৰ স্বাৰ্থত প্ৰয়োজনত খেলৰ সামগ্ৰীৰ খৰছ বহন কৰিছে বৰপেটা ক্ৰীড়া সন্থাই নিজাববীয়াকৈ । বৰপেটাৰ প্ৰতিভাবান খেলুৱৈক বিনামূলীয়াকৈ এইদৰে বুদ্ধদেৱ দাসে শিকাই গৈছে ভলীবলৰ ন-ন কৌশল ।

ক্ৰীড়া অনুৰাগীৰ আশা — বৰপেটা ক্ৰীড়া সন্থাই যি মহান উদ্দেশ্য লৈ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সেয়া সফল হওক । বুদ্বদেৱৰ দৰে অভিজ্ঞতাৰে পুষ্ট প্ৰশিক্ষকৰ নেতৃত্বত বৰপেটাৰ পৰা সৃষ্টি হওক তাৰকা ভলীবলাৰৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments