Thursday, July 7, 2022
HomeNewsবৰষুণ, ধুমুহা আহিলেও আই পি এলৰ প্লে’ অফৰ মেচ হ’বই ! বি...

বৰষুণ, ধুমুহা আহিলেও আই পি এলৰ প্লে’ অফৰ মেচ হ’বই ! বি চি চি আইৰ নতুন নিয়ম ঘোষণা..

অলিম্পিয়া প্ৰতিবেদন

আই পি এল-২০২২ শেষ পৰ্যায়ত । ২৪ মে’, ২০২২ মঙ্গলবাৰে লীগৰ প্লে’ অফ পৰ্যায়ৰ মেচ আৰম্ভ হ’ব । ৰাজস্থান ৰয়েলছ আৰু নৱাগত গুজৰাট টাইটানছৰ মাজত অনু্ষ্ঠিত হ’ব কোৱালিফায়াৰৰ প্ৰথমখন মেচ । ইয়াৰ পিছত ২৫ মে’ বুধবাৰে অনুষ্ঠিত হ’ব নৱাগত লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এলিমিনেটৰ মেচ। এই দুয়োখন মেচ অনুষ্ঠিত হ’ব কলকাতাৰ ইডেন গাৰ্ডেনত ।

পূৰ্বে নিৰ্ধাৰণ কৰা সূচী অনুসৰিয়েই এই মেচ কলকাতাত অনুষ্ঠিত হ’ব । কিন্তু আয়োজকৰ বাবে এতিয়া কলকাতাৰ বতৰ এক চিন্তাৰ কাৰণ হৈ পৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে উত্তৰ ভাৰতকে ধৰি কলকাতাত ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ আগজাননী দিছে ।

২৪ আৰু ২৫ মে’ত বজ্ৰপাতৰ সৈতে বৰষুণ আৰু ধুমুহাৰ আগলি বতৰা দিছে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই । সেয়েহে এতিয়া দুয়োখন মেচ সফলতাৰে অনুষ্ঠিত কৰাক লৈ চিন্তিত হৈ পৰিছে আয়োজক । ফলশ্ৰুতিত বি চি চি আইয়ে প্ৰতিকূল বতৰকো নেওচি যাতে সফলতাৰে মেচসমূহ অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে এক নিৰ্দেশনা জাৰি কৰি প্লে’ অফৰ মেচৰ ক্ষেত্ৰত নিয়মৰ কিছু সালসলনি কৰিছে ।

সেই অনুসৰি বি চি চি আইয়ে মেচসমূহৰ বাবে অতিৰিক্ত ২ ঘণ্টা নিৰ্ধাৰণ কৰিছে । ফলত মেচসমূহ কোনো অভাৰ ব্যয় নকৰাকৈ পলমকৈ হ’লেও সন্ধিয়া ৭-৩০ বজাৰ পৰা ৯-৪০ বজাৰ ভিতৰত অনুষ্ঠিত কৰিব পাৰিব । আনহাতে ফাইনেল মেচ ৮ বজাৰ পৰা অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছে যদিও বতৰে বিধি পঠালি দিলে ১০-১০ বজা পৰ্যন্ত অপেক্ষা কৰিব পাৰিব । এই সময়ৰ ভিতৰত বতৰৰ প্ৰতি লক্ষ্য ৰাখি মেচ অনুষ্ঠিত কৰিব পাৰিব যিকোনো সময়তে ।

নতুন নিয়ম অনুসৰি মেচৰ মাজত থকা ইনিংছ বিৰতিৰ সময় আধা কৰা হ’ব আৰু কৌশলগত টাইম আউট (strategic time-outs) অক্ষুণ্ণ থাকিব । ইয়াৰ উপৰি প্লে’ অফ মেচত প্ৰয়োজন সাপেক্ষে অভাৰৰ সংখ্যা হ্ৰাস কৰা হ’ব পাৰে । বতৰ বিসংগতি হ’লে ২০ অভাৰৰ পৰিৱৰ্তে অন্তত: ৫ অভাৰকৈ মেচ খেলোৱা হ’ব ।

এখন মেচৰ ফলাফল নিৰ্ণয় কৰিবলৈ নূন্যতম পাঁচ অভাৰৰ প্ৰতিযোগিতাৰ প্ৰয়োজন । যদি সেই পাঁচ অভাৰ মেচো অনুষ্ঠিত কৰাটো সম্ভৱ নহয়, তেন্তে মেচখন নিৰ্ণয় কৰিবলৈ ছুপাৰ অভাৰ ব্যৱহাৰ কৰা হ’ব । এই নিয়ম ফাইনেলৰ পৰিৱৰ্তে কোৱালিফায়াৰৰ বাকী কেইখন মেচত হে প্ৰযোজ্য হ’ব ।

নতুন নিয়ম অনুসৰি যদিহে ছুপাৰ অভাৰৰ প্ৰয়োজন হয় আৰু ছুপাৰ অভাৰতো মেচৰ ফলাফল নিৰ্ণয় কৰিব নোৱাৰে তেন্তে লীগ পৰ্যায়ত উন্নত প্ৰদৰ্শন থকা দলটোকে বিজয় ঘোষণা কৰা হ’ব । উদাহৰণ স্বৰূপে, গুজৰাট টাইটানছ বনাম ৰাজস্থান ৰয়েলছৰ মেচত যদি ছুপাৰ অভাৰতো ফলাফল নিৰ্ণয় কৰিব পৰা নাযায় তেন্তে গুজৰাট টাইটানছে লীগ পৰ্যায়ত দেখুওৱা তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ ওপৰত আধাৰ কৰি দলটোক ফাইনেললৈ উন্নীত কৰা হ’ব ।

আই পি এলৰ ফাইনেল সন্ধিয়া ২৯ মে’ত ৮ বজাত আৰম্ভ হ’ব । কিন্তু ফাইনেলখনৰ বাবে ৩০ মে’ক সংৰক্ষিত দিন হিচাপে ৰখা হৈছে। যদি ফাইনেল খেলখন নিৰ্ধাৰিত দিনত যিকোনো পৰ্যায়ত আধাতে সামৰিবলগীয়া হয় বা অনুষ্ঠিত কৰিব পৰা নাযায় তেন্তে সংৰক্ষিত দিনটোত অনুষ্ঠিত কৰা হ’ব ।

আগদিনা যি পৰ্যায়ত খেলখন বন্ধ কৰা হয় সেই পৰ্যায়ৰ পৰা পিছৰ দিনা আকৌ অনুষ্ঠিত হ’ব । উদাহৰণ হিচাপে যদি প্ৰথম ১০ অভাৰত খেলখন বন্ধ কৰিবলগীয়া হয় তেন্তে পৰৱৰ্তী দিনটোত ১১ অভাৰৰ পৰা খেলখন আকৌ আৰম্ভ হ’ব ।

যদিহে নিৰ্ধাৰিত ২৯ মে’ত টছ কৰাৰ পাছত খেল খন খেলিব পৰা নাযায় তেন্তে ৩০ মে’ত পুনৰ টছ কৰা হ’ব । বাকী সকলো ক্ষেত্ৰতে পূৰ্বৰ নিয়মেই বাহাল থাকিব । ফাইনেলত ছুপাৰ অভাৰৰ প্ৰয়োজন হ’লে মাজ নিশা ১-২০ বজাৰ ভিতৰত আৰম্ভ কৰিব লাগিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments