ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ উদীয়মান বেগী বলাৰ মহম্মদ ছিৰাজৰ লগতে ভাৰতীয় দলৰ প্ৰতিগৰাকী সদস্য আৰু অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিলে ক্ৰিকেট অষ্ট্ৰেলিয়াই।একাংশ অষ্ট্ৰেলিয়ান দৰ্শকে ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজক উদ্দেশ্য কৰি ধাৰাবাহিকভাৱে বৰ্ণবৈষম্যমূলক মন্তব্য আগঢ়াই থকাৰ ঘটনাক তীব্ৰ ভাষােৰ গৰিহণা দিছে ক্ৰিকেট অষ্ট্ৰেলিয়াই। এনে ঘটনা সংঘটিত হোৱাৰ বাবে ক্ৰিকেট অষ্টেলিয়াই ভাৰতীয় ক্ৰিকেটাৰসকলৰ ওচৰত ক্ষমা বিচাৰিছে। লগতে ঘটনাটো সংঘটিত কৰা অষ্ট্ৰেলিয়ান দৰ্শক কেইজনৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে।
ক্ৰিকেট অষ্ট্ৰেলিয়াই জনাইছে যে নিউ ছাউথৱেলছ আৰক্ষীয়ে ইতিমধ্যে দৰ্শক কেইজনক গ্ৰেপ্তাৰ কৰিছে আৰু দোষী সাব্যস্ত হলে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰা হব।
ক্ৰিকেট অষ্ট্ৰেলিয়াই একক বিবৃতিত উল্লেখ কৰিছে, নগণ্যসংখ্যক দৰ্শকৰ অসভ্য আচৰণৰ বাবে আজি আমি সকলো অত্যন্ত লজ্জিত।দুেয়া দলে খেলপথাৰত উত্তেজনাপূৰ্ণ মেচৰ আমোদ দি থকাৰ সময়তে সংঘটিত হোৱা এই ঘটনা দুৰ্ভাগ্য়জনক। ইয়াৰ বাবে ভাৰতীয় দল আৰু অনুৰাগীৰ ওচৰত আমি ক্ষমা বিচাৰিছো।