Wednesday, August 10, 2022
HomeNewsবৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সংযোজিত হ'ল কেইবাটাও নতুন দিশ

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সংযোজিত হ’ল কেইবাটাও নতুন দিশ

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সংযোজিত হ’ল কেইবাটাও নতুন দিশ

অলিম্পিয়া প্ৰতিবেদন: মুখ্যমন্ত্ৰীৰ হাতত ক্ৰিকেট বেট । কোবাইছে বল । বৰ্ষাপাৰাত অসম ক্ৰিকেট সন্থাৰ উইকেটত বেটিং কৰিলে হিমন্ত বিশ্ব শৰ্মাই । বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সংযোজিত হ’ল কেইবাটাও নতুন দিশ । অসম ক্ৰিকেট সন্থাৰ উদ্যোগত বুধবাৰে উদ্বোধন কৰা হ’ল অত্যাধুনিক জিমনেছিয়াম, কভাৰ্ড পেক্টিজ এৰিয়া, বিশাল বেংকুৱেট হল ।

লগতে শিলান্যাস কৰা হ’ল ১১ বিঘা মাটিত ৭০০ বাহন ৰাখিব পৰাকৈ পাকিং আৰু বাণিজ্যিক চৌহদ । অসমৰ ক্ৰীড়া ইতিহাসত এক সোণালী দিন ৰূপে চিহ্নিত হোৱা এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উদ্বোধন কৰি বেটছমেনৰ ৰূপত দেখা গল ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক ।

বেটেৰে হিমন্ত বিশ্ব শৰ্মাই কোবালে কেইবাটাও শ্বট

বৰ্ষাপাৰাত নতুন দিশ সংযোজন কৰাৰ বাবে অসম ক্ৰিকেট সন্থাৰক অভিনন্দন জনালে মুখ্যমন্ত্ৰী জনে । অসমৰ ক্ৰীড়াজগতৰ বাবে বা ক্ৰিকেট ক্ষেত্ৰৰ বাবে সোণালী ভৱিষ্যতৰ ইংগিত বুলি অভিহিত কৰিলে হিমন্ত বিশ্ব শৰ্মাই । অসম ক্ৰিকেট সন্থাই ৰাজ্যখনত কাম হাতত লোৱা ২০ খন ষ্টেডিয়াম সম্পূৰ্ণ হৈ উঠিলে অনাগত দিনত অসমত ক্ৰিকেটৰ আন্তঃগাঁঠনি অধিক টনকিয়াল হ’ব বুলি আশাবাদী ড০ হিমন্ত বিশ্ব শৰ্মা ।

বৰ্ষাকালত অনুশীলনৰ বাবে বৰ্ষাপাৰাত নাছিল পৰ্যাপ্ত সুবিধা । ৮ খন পিটছ যুক্ত নৱ নিৰ্মিত কভাৰড পেক্টিথ এৰিয়াত বৰষুণৰ বাধা বিঘিনী অতিক্ৰম কৰি বাৰ মাহে অনুশীলন কৰিব পাৰিব ক্ৰিকেটাৰসকলে । ইয়াৰ উপৰি অত্যাধুনিক ব্যায়ামাগাৰত খেলুৱৈসকলে ভালদৰে ফিটনেছৰ অনুশীলন কৰিব পাৰিব বুলি মন্তব্য কৰিলে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ।

ইয়াৰ লগতে বৰ্ষাপাৰাৰ চৌহদত থকা নৱনিৰ্মিত ক্লাব হাউচ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী

জনে। এই উদ্বোধনী অনুষ্ঠানতে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ।পৰৱৰ্তী অলিম্পিক পৰ্যন্ত লাভলীনা বৰগোঁহাইৰ প্ৰশিক্ষণত নিয়োজিত ব্যক্তিগত প্ৰশিক্ষক গৰাকীক প্ৰতিমাহে ২.৫ লাখ টকা প্ৰদানৰ কথা ঘোষণা কৰে । দৌৰবিদ হিমা দাসৰ প্ৰশিক্ষণৰ বাবেও সাহায্য আগবঢ়োৱাৰ কথা উনুকিয়ায় তেওঁ ।

সমান্তৰালকৈ, কমলৱেলথ গেমছ, এছিয়ান গেমছ আৰু অলিম্পিক গেমছত পদকপ্ৰাপ্ত সকলৰ বাহিৰেও যিকোনো বিশ্ব চেম্পিয়নশ্বিপত পদকপ্ৰাপ্তক ক্ৰীড়া পেঞ্চন প্ৰদান কৰাৰও আশ্বাস প্ৰদান কৰে । নিযুক্তিৰ ক্ষেত্ৰতো খেলুৱৈসকলৰ বাবে পদ সংৰক্ষণৰ দিশটোত চিন্তা চৰ্চা কৰি থকা হৈছে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখযোগ্য যে,বৰ্ষাপাৰাত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল -উত্তৰ কাছাৰ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচা, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকীয়া, এপেক্স কাউঞ্চিলৰ সদস্যসকলৰ লগতে বিভিন্ন ক্ৰীড়া সংগঠক আৰু খেলুৱৈসকল ।

ক্ৰীড়া অনুৰাগীৰ আশা –অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যজুৰি ক্ৰিকেটৰ আন্তঃগাঁঠনি সবল হওক । তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভাৰ চিনাক্তকৰণ কৰি উপযুক্ত অনুশীলন ব্যৱস্থাৰে ক্ৰিকেটাৰসকল হৈ উঠক আন্তঃৰাষ্ট্ৰীয় মানৰ খেলুৱৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments