Thursday, July 7, 2022
HomeNewsভাৰতক ভাল পায় টেনিছ কিংবদন্তী ৰজাৰ ফেডাৰেৰে

ভাৰতক ভাল পায় টেনিছ কিংবদন্তী ৰজাৰ ফেডাৰেৰে

১৯ মে’, গুৱাহাটী : ভাৰতক ভাল পায় টেনিছ কিংবদন্তী ৰজাৰ ফেডাৰেৰে। তেওঁৰ মতে ভাৰতৰ টেনিছ অনুৰাগীসকল অত্যন্ত উৎসাহী আৰু জীৱনেৰে পৰিপূৰ্ণ। এক বাৰ্তালাপত ফেডাৰেৰে ভাৰতৰ বিষয়ে আৰু ২০০৪ চনৰ চুনামিৰ পিছত ভাৰত ভ্ৰমণৰ বিষয়ে বহু কথা উল্লেখ কৰিছে টেনিছ তাৰকা গৰাকীয়ে।

২০ বাৰকৈ গ্ৰেণ্ড শ্লাম জয় কৰা ফেডাৰেৰে তেওঁৰ পোছাক পৃষ্ঠপোষক (sponsor) ইউনিক্লোৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল , তেওঁ ভাৰতলৈ কেৱল ভ্ৰমণকৰিবলৈই নহয়, খেলিবলৈও আহি ভাল পায়। তেওঁৰ মতে ভাৰত এখন জীৱন্ত দেশ।

মুঠ তিনিবাৰ ভাৰত ভ্ৰমণ কৰা ফেডাৰেৰ প্ৰথমবাৰ ভাৰতলৈ আহিছিল ২০০৬ চনত। ইয়াৰ পিছত আহে ২০১৪ আৰু ২০১৫ চনত। ২০০৬ চনত ফেডাৰেৰ প্ৰথমবাৰৰ বাবে তামিলনাডুৰ চুনামিয়ে ধ্বংস কৰা কুড্ডালোৰ ভ্ৰমণ কৰিছিল।

২০০৬ চনৰ সেই দুদিনীয়া ভ্ৰমণত ফেডাৰেৰে চুনামিয়ে আটাইতকৈ বেছি ক্ষতি কৰা ৰাজ্য তামিলনাডুৰ কুড্ডালোৰলৈ গৈ ইউনিচেফৰ চুনামি পুনৰুদ্ধাৰ কাৰ্যসূচী পৰিদৰ্শন কৰিছিল। এই অঞ্চলতে স্থাপন কৰিছিল আছিল শিশু আৰু অনাথসকলৰ বাবে এক সুৰক্ষা কেন্দ্ৰ। ২০০৪ চনৰ ২৬ ডিচেম্বৰত চুনামিৰ ফলত ভাৰতত ১৮,০০০ তকৈও অধিক লোক নিহত আৰু নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল। কেৱল তামিলনাডুতে ৮০০০ তকৈ অধিক লোক নিহত হৈছিল আৰু ১৮৬ খন বিদ্যালয় ধ্বংস হৈছিল।

তামিলনাডুৰ কুড্ডালোৰ ভ্ৰমণ কৰাৰ লগতে ইউনিচেফে স্থাপন কৰা সেই শিশু অনাথ সকলৰ সুৰক্ষা কেন্দ্ৰ ভ্ৰমণ কৰাৰ কথা সোঁৱৰি ফেডাৰেৰে সেই বাৰ্তালাপত কৈছে, “মই শিশুসকলৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰিছো আৰু মই ভাবো মই এতিয়া তেওঁলোকৰ প্ৰত্যেককে তেওঁলোকৰ প্ৰথম নামেৰে জানো। শিশুসকল আমাৰ ভৱিষ্যত, আৰু সেই কাৰণে মই তেওঁলোকক অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছো। মই ল’ৰা ছোৱালীবোৰক কৈছিলো যে মই সদায় তেওঁলোকৰ বাবে থাকিম।”

২০০৪ চনৰ চুনামিত সমগ্ৰ বিশ্বত ২,০০,০০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছত ফেডাৰেৰক ২০০৬ চনৰ এপ্ৰিলত ইউনিচেফৰ গুডউইল এম্বেচেডৰ হিচাপে নিযুক্ত কৰা হৈছিল। ২০ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়নজনে প্ৰথমবাৰৰ বাবে ২০০৪ চনত যেতিয়া ভাৰত মহাসাগৰত চুনামিৰ সৃষ্টি হৈছিল ইয়াৰ পিছতেই ইউনিচেফৰ সৈতে জড়িত হৈ পৰিছিল। দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলৰ সাহাৰ্য্যৰ বাবে ফেডাৰেৰে এ টি পি অল-ষ্টাৰ ৰেলী ফৰ ৰিলিফকে ধৰি কেইবাটাও পুঁজি সংগ্ৰহৰ পদক্ষেপৰ নেতৃত্ব‌ও দিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments