ভাৰতত খেলিবলৈ ভিছা লাভ কৰিব পাকিস্তানৰ ক্ৰিকেট দলে

ভাৰতত খেলিবলৈ ভিছা লাভ কৰিব পাকিস্তানৰ ক্ৰিকেট দলে। এক দীৰ্ঘদিনীয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ আগবাঢ়িছে ভাৰত চৰকাৰে। অক্টোবৰ- নৱেম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপৰ বাবে পাকিস্তানী ক্ৰিকেটাৰ আৰু সংবাদ মাধ্যমক ভিছা প্ৰদান কৰিব ভাৰত চৰকাৰে। অৱশ্যে প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ পাকিস্তানৰ সাধাৰণ নাগৰিকক ভিছা প্ৰদান কৰা হ’বনে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

উল্লেখ্য যে ৫ বছৰ পূৰ্বে বিশ্ব কাপৰ মেচ খেলিবলৈ ভাৰতলৈ আহিছিল পাকিস্তানৰ দলটো। ইয়াৰ পূৰ্বে ২০১২-১৩ ত শেষবাৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল দ্বিপাক্ষীক শৃংখলা।

Leave a Reply

Your email address will not be published. Required fields are marked *