অলিম্পিয়া প্রতিবেদন
অক্টোবৰত ভাৰতত অনুষ্ঠিত হ’ব ফিফা ১৭ বছৰ অনূৰ্দ্ধ মহিলাৰ বিশ্বকাপ ফুটবল টুৰ্ণামেণ্ট । মুঠ ১৬ টা দলৰ এই টুৰ্ণামেণ্টখন আয়োজনৰ বাবে ভাৰত ইতিমধ্যে সাজু হৈছে । এই পৰ্যন্ত ১৩ টা দলে বিশ্বকাপত অংশগ্ৰহণ কৰাৰ যোগ্যতা অর্জন কৰিছে । চলিত মাহৰ আগভাগতে উৱেফা মহিলাৰ ১৭ বছৰ অনূৰ্দ্ধ চেম্পিয়নশ্বিপ সম্পূৰ্ণ হোৱাৰ পাছত ইউৰোপৰ তিনিটা দল চূড়ান্ত হৈছে । ভাৰতত খেলিবলগা দলবোৰৰ ভিতৰত আছে আয়োজক ভাৰত, চীন , জাপান , নিউজিলেণ্ড , আমেৰিকা , কানাডা , মেক্সিকো , ব্ৰাজিল , চিলি আৰু কলম্বিয়া ।
ইফালে কেমেৰুণ , তাঞ্জিনীয়া , ইথিওপিয়া , নাইজেৰিয়া , ঘানা আৰু মৰক্কোৰ মাজৰ পৰা তিনিটা দল নিৰ্ণয় হ’বলৈ এতিয়াও বাকী আছে । ফিফাৰ কেন্দ্ৰীয় কাৰ্যালয় জুৰিখত অহা ২৪ জুনত অনুষ্ঠিত হ’ব আনুষ্ঠানিক ড্ৰ । ইয়াৰ পাছতেই প্ৰকাশ পাব দলবোৰৰ লীগ পৰ্যায়ৰ প্ৰতিপক্ষৰ নাম । উৱেফা মহিলাৰ ১৭ অনূৰ্দ্ধ চেম্পিয়নশ্বিপৰ বিজয়ী জাৰ্মানী আৰু ফাইনেলিষ্ট স্পেইনে যোগ্যতা অর্জন কৰিছে । একেদৰে তৃতীয় স্থান নিৰ্ণয়কাৰী প্লে অফ মেচত নেডাৰলেণ্ডক পৰাস্ত কৰি যোগ্যতা অর্জন কৰিছে ফ্ৰান্স দলে । ব্ৰাজিল আৰু কলম্বিয়া দলে ভাৰত ভ্ৰমণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কথা ছচিয়েল মিডিয়া যোগে সদৰী কৰিছে ।
ভাৰতত ফিফা ১৭ অনূৰ্দ্ধ মহিলা বিশ্বকাপৰ বাবে উৎকণ্ঠিত কানাডাৰ খেলুৱৈ ক্লেয়াৰ লগান । ছচিয়েল মিডিয়াত তেওঁ লিখিছে , “এই বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰি আমি অতি আনন্দিত । এই অবিশ্বাস্য সুযোগৰ বাবে আমি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছো ।” এইবাৰৰ বিশ্বকাপ অনুষ্ঠিত হ’ব ১১ৰ পৰা ৩০ অক্টোবৰলৈ ভাৰতৰ ৩ খন চহৰত । সেয়া হ’ল ভুৱনেশ্বৰ , গোৱা আৰু নৱী মুম্বাই । বিশ্বকাপৰ এটা গ্রুপৰ মেচ প্ৰথমে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পাছত এই সিদ্ধান্ত বাতিল কৰা হ’ল । ইয়াৰ লগে লগে অসমকে ধৰি পূৰ্বোত্তৰ ভাৰতৰ ক্ৰীড়াপ্ৰেমীয়ে গভীৰ উৎকণ্ঠা প্ৰকাশ কৰে ।
ইয়াৰ পূৰ্বে সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছিল ফিফা ১৭ অনূৰ্দ্ধ পুৰুষৰ বিশ্বকাপ ফুটবল টুৰ্ণামেণ্টৰ কেইবাখনো মেচ । তেতিয়া পূৰ্বোত্তৰ ভাৰতৰ ক্ৰীড়াপ্ৰেমীয়ে ফিফাৰ কোনো এক বৃহৎ টুৰ্ণামেণ্ট পোনপটীয়াকৈ প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছিল । এই অঞ্চলটোৰ মহিলাসকলেও ফিফা বিশ্বকাপত মহিলা খেলুৱৈসকলৰ খেল উপভোগৰ বাবে গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিল । কিন্তু প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া স্থানৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পক বাদ দিয়াৰ কথাই তেওঁলোকক হতাশ কৰিছে । এনে অৱস্থাত এই বিশ্বকাপৰ মেচ স্বচক্ষে উপভোগ কৰাৰ পৰিৱৰ্তে সকলো ক্ৰীড়াপ্ৰেমীয়ে এতিয়া টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰাৰ বিকল্প নাথাকিব ।