Monday, October 3, 2022
HomeNewsভাৰতত সাজি উলিয়ালে বিশ্বৰ সুবিশাল ষ্টেডিয়ামখন;একেলগে বহিব এক লাখ দৰ্শক; উদ্বোধন কৰিব...

ভাৰতত সাজি উলিয়ালে বিশ্বৰ সুবিশাল ষ্টেডিয়ামখন;একেলগে বহিব এক লাখ দৰ্শক; উদ্বোধন কৰিব ট্ৰাম্পে

বৰ্তমান বিশ্বৰ ভিতৰতে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড সবাতোকৈ ডাঙৰ। কিন্তু অতি শীঘ্ৰে মেলবৰ্ণক চেৰ পেলাব আন এখন ষ্টেডিয়ামে। প্ৰায় এক লাখতকৈ অধিক দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এই ষ্টেডিয়ামখনক। আপুনি জানি সুখী হ’ব যে বিশ্বৰ এই ডাঙৰ ষ্টেডিয়ামখন ভাৰততে নিৰ্মাণ কৰি উলিওৱা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে মঙলবাৰে নিশ্চিত কৰিছে এই কথা। বিচিআইয়ে গুজৰাটৰ আহমেদাবাদত হ’ব লগা মোতেৰা নামৰ ষ্টেডিয়ামখনেই বিশ্বৰ সবাতোকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম হ’ব বুলি প্ৰকাশ কৰিছে। । মুঠ ১ লাখতকৈ অধিক লোক বহিব পৰাকৈ নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডকো চেৰ পেলাই বিশ্বৰ সবাতোকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম ৰূপে পৰিগণিত হৈছে বুলি বিচিআইয়ে উল্লেখ কৰিছে।

উল্লেখ্য যে গুজৰাটৰ আহমেদাবাদত ১৯৮২ চনত নিৰ্মাণ কৰা হৈছিল এই মোতেৰা ষ্টেডিয়াম। প্ৰথম অৱস্থাত এই ষ্টেডিয়ামত ৪৯,০০০ হজাৰ লোক একেলগে বহিব পৰা সুবিধা আছিল। এই ৪৯,০০০ হাজাৰ আসনযুক্ত ক্ৰিকেট ষ্টেডিয়ামখনকে পুনঃনিৰ্মাণ কৰি ইয়াৰ আসনৰ সংখ্যা ১ লাখলৈ বৃদ্ধি কৰা হৈছে। আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণৰ সময়ত এই বিশাল ষ্টেডিয়ামখন উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে।

মোতেৰা ষ্টেডিয়ামৰ নিশাৰ দৃশ্য
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments