ফেব্ৰুৱাৰীৰ ৫ তাৰিখৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব। ইয়াৰে প্ৰথম দুখন টেষ্ট চেন্নাইত অনুষ্ঠিত হ’ব। ইতিমধ্যে দল দুটাৰ সদস্যসকল চেন্নাইত উপস্থিত হৈছে আৰু হোটেল লীলা পেলেচত ২ ফেব্ৰুৱাৰীলৈকে কোৱাৰেণ্টাইন সময় পাৰ কৰিব লাগিব। কালি ভাৰতীয় দলটোৰ কৰ’নাৰ প্ৰথমটো পৰীক্ষা হৈ যায়। এই পৰীক্ষাত ভাৰতীয় দলটোৰ সকলো সদস্য উত্তীৰ্ণ হৈছে। আৰু দুটা পৰীক্ষাত উত্তীৰ্ণ হলেই দলটোৰ সদসস্যসকলে ট্ৰেইনিং কৰিব পাৰিব। বৰ্তমান সকলো নিজৰ নিজৰ কোঠালিতে আৱদ্ধ হৈ আছে।২ ফেব্ৰুৱাৰীত কোৱাৰেণ্টাইন সময় শেষ হোৱাৰ পিছতেই দুয়োটা দলে অনুশীলনত অংশগ্ৰহণ কৰিব পাৰিব। জানিব পৰা মতে আই পি এলৰ দৰেই ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলা জৈৱ সুৰক্ষাৰ মাজত অনুষ্ঠিত হ’ব।
ইফালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ক্ৰিকেটাৰসকলৰ লগত নিজৰ পত্নী, সন্তানকো ৰখাৰ অনুমতি প্ৰদান কৰিছে। যাৰ বাবে ক্ৰিকেটাৰসকলে নিজৰ পত্নী, সন্তানক লগত লৈ যোৱা পৰিলক্ষিত হৈছে।বি চি চি আইয়ে ক্ৰিকেটাৰসকলৰ লগত পত্নী, সন্তানক থাকিবলৈ দিয়াৰ অন্তৰালত এক কাৰণ নিহিত হৈ আছে বুলি জানিব পৰা গৈছে। কোৱাৰেণ্টাইনৰ কঠোৰ নিয়মাৱলীৰ মাজত যাতে ক্ৰিকেটাৰসকল মানসিকভাৱে দুৰ্ৱল হৈ নপৰে তাৰ বাবেই এই ব্যৱস্থা।