ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নতুন কণ্ট্ৰেক্ট লিষ্ট ঘোষণা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নতুন কণ্ট্ৰেক্ট লিষ্ট ঘোষণা। মুঠ ২৮ জন ক্ৰিকেটাৰক ব’ৰ্ডে চেণ্ট্ৰেল কণ্ট্ৰেক্ট প্ৰদান কৰিছে। A+, A , B আৰু C এই চাৰিটা গ্ৰেডত ক্ৰিকেটাৰসকলক বিভক্ত কৰি কণ্ট্ৰেক্ট প্ৰদান কৰি অৰ্থ প্ৰদান কৰে। ব’ৰ্ডে ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলি, উপ অধিনায়ক ৰোহিত শৰ্মা আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ গ্ৰেড A+ অব্যাহত আছে। অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াক গ্ৰেড B ৰ পৰা গ্ৰেড A লৈ উন্নীত কৰা হৈছে। বিপৰীতে ভূৱনেশ্বৰ কুমাৰক গ্ৰেড A ৰ পৰিৱৰ্তে গ্ৰেড B আৰু কুলদীপ যাদৱক গ্ৰেড A ৰ পৰিৱৰ্তে গ্ৰেড C প্ৰদান কৰা হৈছে। আনহাতে কেডাৰ যাদৱ আৰু মনিষ পাণ্ডেক চেণ্ট্ৰেল কণ্ট্ৰেক্টৰ পৰা বাহিৰ কৰা হৈছে। পোন প্ৰথমবাৰৰ বাবে বি চি চি আইৰ চেণ্ট্ৰেল কণ্ট্ৰেক্ট লাভ কৰিছে শুভমণ গীল আৰু মহম্মদ ছিৰাজে।

গ্ৰেড A (৭ কোটি) : বিৰাট কোহলি, ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ।

গ্ৰেড B (৫ কোটি) : ৰবিচন্দ্ৰন আশ্বিন, ৰবিন্দ্ৰ জাদেজা, চেট্টেশ্বৰ পূজাৰা, আজি‌ংক্য ৰাহানে, শিখৰ ধাৱান, কে এল ৰাহুল, মহম্মদ শ্বামি, ঈশান্ত শৰ্মা, ঋষভ পণ্ট, হাৰ্ডিক পাণ্ডিয়া।

গ্ৰেড C (৩ কোটি) : ঋদ্ধীমান শাহা, উমেশ যাদৱ, ভূৱনেশ্বৰ কুমাৰ, চাৰ্দুল ঠাকুৰ, মায়ংক আগৰৱাল

গ্ৰেড D ( ১ কোটি) কুলদীপ যাদৱ, নৱদ্বীপ চাইনী, দীপক চাহৰ, শুভমণ গীল, হনুমা বিহাৰী, অক্ষৰ পেটেল, শ্ৰেয়াস আয়াৰ, ৱাশ্বিংটন সুন্দৰ, য়ুযবেন্দ্ৰ চাহাল, মহম্মদ ছিৰাজ।

Leave a Reply

Your email address will not be published. Required fields are marked *