Thursday, July 7, 2022
HomeNewsভাৰতীয় টেষ্ট দলটোৰ এক ঐতিহাসিক বিজয়ৰ আজি সোণালী জয়ন্তী

ভাৰতীয় টেষ্ট দলটোৰ এক ঐতিহাসিক বিজয়ৰ আজি সোণালী জয়ন্তী

আজি ভাৰতীয় টেষ্ট ক্ৰিকেট দলটোৱে সোণালী জয়ন্তী পালন কৰিছে। এই সোণালী জয়ন্তী অৱশ্যে টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ অথবা গুৰুত্বপূৰ্ণ টেষ্ট শৃংখলা জয়ৰ বাবে নহয়। এই সোণালী জয়ন্তী টেষ্ট ক্ৰিকেটৰ এখন মেচত জয়ৰ বাবেহে। অৱশ্যে সেয়াও নাছিল আকৌ টেষ্ট ক্ৰিকেটত ভাৰতৰ প্ৰথম জয়। দৰাচলতে আজিৰ পৰা ৫০ বছৰ পূৰ্বে টেষ্ট ক্ৰিকেটত পোন প্ৰথমবাৰৰ বাবে ভাৰতে শক্তিশালী ৱেষ্ট ইণ্ডিজক টেষ্ট মেচত পৰাজিত কৰিবলৈ সক্ষম হৈছিল।

১৯৭১ চনৰ ১০ মাৰ্চৰ দিনটোতে টেষ্ট ক্ৰিকেটত ভাৰতে ৱেষ্ট ইণ্ডিজক পোন প্ৰথমবাৰৰ বাবে এখন মেচত পৰাজিত কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল। এই মেচখনৰ পূৰ্বে ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২৩ খন টেষ্ট মেচত অংশগ্ৰহণ কৰি ১১ খনত ড্ৰ’ খেলাৰ বিপৰীতে ১২ খনত বেয়াকৈ পৰাজিত হবলগীয়া হৈছিল।

১৯৭১ চনৰ ১০ মাৰ্চৰ ঐতিহাসিক মেচখনৰ পূৰ্বে আকৌ ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫ খন টেষ্টৰ এক ছিৰিজত হোৱাইটৱাছৰ সন্মুখীন হৈছিল। সেয়ে অত্যাধিক চাপত আছিল ভাৰতীয় দলটো। সেই ঐতিহাসিক টেষ্টখনৰ ছিৰিজটোত আছিল মুঠ ৫ খন টেষ্ট মেচ। ইয়াৰে প্ৰথমখন টেষ্ট ড্ৰ’ হৈছিল।ইয়াৰ পিছত ছিৰিজৰ দ্বিতীয়খন টেষ্ট হৈ পৰিছিল ঐতিহাসিক। টেষ্টৰ ইতিহাসত ভাৰতে পোন প্ৰথমবাৰৰ বাবে পৰাজিত কৰিবলৈ সক্ষম হ’ল শক্তিশালী ৱেষ্ট ইণ্ডিজক।

https://twitter.com/VisionHistory/status/1368118570287173634?s=20

কিদৰে সম্ভৱ হৈছিল ঐতিহাসিক বিজয়ৰ ?

ছিৰিজৰ দ্বিতীয় টেষ্টখনত ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰিলে ২১ বছৰীয়া এগৰাকী ক্ৰিকেটাৰে। শান্ত প্ৰকৃতিৰ সেই ২১ বছৰীয়া যুৱকজনে হাতত বেটখন লৈ কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে তাৰো কোনো উমান লাভ কৰা নাছিল ৱেষ্ট ইণ্ডিজে। এই ২১ বছৰীয়া যুৱকজনেই আত্মপ্ৰকাশৰ পিছত হৈ পৰিছিল ৱেষ্ট ইণ্ডিজ সহিতে অন্যান্য দেশৰ ক্ৰিকেটাৰৰ বাবে মূৰৰ কামোৰণী। দ্বিতীয় টেষ্টৰ টছত ঘৰুৱা দল ৱেষ্টইণ্ডিজে জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ছিৰিজৰ প্ৰথমখন টেষ্টটো অৱশ্যে ৱেষ্ট ইণ্ডিজৰ বেটছমেনে বিশেষ উল্লেখনীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল। দ্বিতীয় টেষ্টটো দলটোৰ বেটছমেন সকলে ভাৰতৰ স্পীনাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলগীয়া হ’ল। প্ৰথম ইনিংছত ভাৰতৰ প্ৰসিদ্ধ স্পীনাৰদ্বয় ইৰাপাল্লী প্ৰসন্নই ৪ টা আৰু বিসান সিং বেডীয়ে ৩ টা উইকেট দখল কৰিবলৈ সক্ষম হয়। দুয়োগৰাকী স্পীনাৰৰ উন্নত প্ৰদৰ্শনৰ সহায়ত ৱেষ্ট ইণ্ডিজক ভাৰতে ২১৪ ৰানতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ চাৰ্লী ডাভিছে সৰ্বাধিক ৭১ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত ভাৰতে বেটিং কৰিবলৈ ক্ৰীজলৈ আহে। আত্মপ্ৰকাশ কৰা গাভাস্কাৰ আৰু অশোক মানকাডে মুকলি কৰিছে ভাৰতৰ ইনিংছ। আত্মপ্ৰকাশৰ মেচখনত গাভাস্কাৰৰ বেটৰ পৰা আহিল এক ক্লাছিক ১১২ ৰানৰ শতকীয় ইনিংছ। প্ৰথম ইনিংছত ভাৰতৰ স্ক’ৰ হলগৈ ৩৫২। ৱেষ্ট ইণ্ডিজৰ হৈ Jack Noreigas’sয়ে দখল কৰিলে মুঠ ৯ টা উইকেট। প্ৰথম ইনিংছত ১৩৮ ৰানৰ অগ্ৰগতী লাভ কৰি টেষ্টখনৰ চালকৰ আসনত বহিল ভাৰত। দ্বিতীয় ইনিংছত ৱেষ্ট ইণ্ডিজৰ ধাৰাবাহিক উইকেট পতনৰ ফলত দলটোৱে বৃহত স্ক’ৰ কৰিবলৈ ব্যৰ্থ হয়। দ্বিতীয় ইনিংছত দলটোৱে সংগ্ৰহ কৰিলে মুঠ ২৬১ ৰান। ভাৰতৰ হৈ Srinivas Venkataraghavan য়ে সৰ্বাধিক ৫ উইকেট দখল কৰিবলৈ সক্ষম হয়। টেষ্টখন জয়ৰ বাবে মুঠ ১২৪ ৰানৰ লক্ষ্য আগত লৈ ভাৰতীয় বেটছমেন ক্ৰিজত নামে আৰু গাভাস্কাৰ-মানকাড যুটীৰ বেটৰ পৰা ৭৪ ৰান আহে। ইয়াৰ পিছতে মাত্ৰ ১০ ৰানৰ ভিতৰত ভাৰতে হেৰুৱাই ৩ উইকেট। যাৰ বাবে পুনৰ ভাৰত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাজয় হ’ব বুলি এক চিৰাচৰিত ধাৰণা গ্ৰহ লৈ উঠিছিল সকলোৰে মনত। কাৰণ তেতিয়ালৈকে ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখনো টেষ্ট জয় কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ পিছত ভাৰতীয় বেটছমেনৰ ধৈৰ্যশীল বেটিঙৰ সহায়ত আৰু গাভাস্কাৰৰ অৰ্ধশতকৰ সহায়ত ভাৰতে টেষ্টৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমটো বিজয় সাব্যস্ত কৰিলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments