Tuesday, July 5, 2022
HomeNewsভাৰতীয় দলত মুখ্যম আঘাত ! কে এল ৰাহুল, কুলদীপ যাদৱ বাহিৰ :...

ভাৰতীয় দলত মুখ্যম আঘাত ! কে এল ৰাহুল, কুলদীপ যাদৱ বাহিৰ : পণ্টৰ ওপৰত গুৰু দায়িত্ব

 

অলিম্পিয়া প্ৰতিবেদন

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৯ জুন বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিপাক্ষিক টি-২০ শৃংখলাৰ পূৰ্বে ভাৰতীয় দলত মুখ্যম আঘাত । শৃংখলাটোৰ বাবে বি চি চি আইয়ে পূৰ্বে ঘোষণা কৰা অনুসৰি দলটোৰ নেতৃত্ব দিয়া হৈছিল কে এ এল ৰাহুলক । কিন্তু আঘাতৰ সমস্যাত ভুগি থকাৰ বাবেই শৃংখলাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাহুলক দলৰ পৰা বাদ দিবলগীয়া হৈছে ।

অধিনায়ক ৰাহুলক দলৰ পৰা বাদ দিবলগীয়া হোৱাত এতিয়া ভাৰতীয় দলটোক নেতৃত্ব প্ৰদানৰ দায়িত্ব প্ৰদান কৰা হৈছে ঋষভ পণ্টক । উইকেটকীপাৰ বেটছমেন পণ্টে ইতিমধ্যে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে । সেয়েহে আশা কৰা হৈছে, এই শৃংখলাত পণ্টে ভাৰতক নেতৃত্ব প্ৰদান কৰি বিজয় সাব্যস্ত কৰিব পাৰিব ।

আনহাতে আই পি এলত গুজৰাট টাইটানছক নেতৃত্ব প্ৰদান কৰি বিজয় সাব্যস্ত কৰা হাৰ্দিক পাণ্ডিয়াক এই শৃংখলাৰ বাবে উপ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে । অৱশ্যে চিলেকশ্যন কমিটীয়ে এতিয়ালৈকে ৰাহুলৰ স্থানত কাক নিৰ্বাচিত কৰিব সেই বিষয়ে প্ৰকাশ কৰা নাই ।
আনহাতে ভাৰতীয় দলটোৰ আন এজন নিৰ্ভৰযোগ্য স্পীনাৰ কুলদীপ যাদৱকো দলৰ পৰা বাদ দিবলগীয়া হৈছে । কুলদীপ যাদৱে নেট অনুশীলনৰ সময়তে সোঁহাতত আঘাত লাভ কৰে । ফলত তেওঁক দলৰ পৰা বাদ দিয়া হৈছে । কুলদীপৰ স্থানত কাক দলত অন্তৰ্ভুক্ত কৰা হ’ব সেই বিষয়েও চিলেকশ্যন কমিটীয়ে প্ৰকাশ কৰা নাই ।

দক্ষিণ আফ্ৰিকাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো হ’ল- ঋষভ পণ্ট (অধিনায়ক , উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), ঋতুৰাজ গাইকোৱাড়, ঈশান কিষাণ, দীপক হুদা, শ্ৰেয়াস আয়াৰ, দীনেশ কাৰ্তিক, ভেংকটেশ আয়াৰ, যুজবেন্দ্ৰ চাহাল, অক্ষৰ পেটেল, ৰবি বিষ্ণয়, ভূৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অভেশ খান, আৰ্শদ্বীপ সিং আৰু উমৰাণ মালিক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments