ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব ৰাহুল দ্ৰাবিড়

১৯ মে’, গুৱাহাটী : অনুৰ্ধ্ব-১৯ আৰু ভাৰতীয় এ দলৰ প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড় সফল৷ সেয়া সৰ্বজনবিতি৷ এই সফলতাৰ বাবে তেওঁক জাতীয় মূল দলৰ অধিনায়ক হিচাপেও বিচাৰিছিল সকলোৱে৷ কিন্তু ৰবি শাস্ত্ৰীয়ে সেই স্থান দখল কৰি থকাত সেয়া সম্ভৱ হৈ উঠা নাই৷ এইবাৰ অকস্মাতে সেই সুযোগ আহিছে৷ এইবাৰ হয়তো ভাৰতীয় ছিনিয়ৰ দলৰ প্ৰশিক্ষক হ’ব ৰাহুল দ্ৰাবিড়৷ বি চি চি আইৰ সুত্ৰৰ মতে জুলাইত ভাৰতীয় দলে ৱানদে আৰু টি-২০ মেচ খেলাৰ বা শ্ৰীলংকা ভ্ৰমণ কৰিব৷ সেই সময় আকৌ বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দল থাকিব ইংলেণ্ডত৷ লগত থাকিব প্ৰশিক্ষক ৰবী শাস্ত্ৰী৷ সেয়ে এই অৱস্থাত ৰাহুল দ্ৰাবিড়ক শ্ৰীলংকা যাব লগা দলৰ সৈতে প্ৰশিক্ষক হিচাপে যাবলৈ প্ৰস্তাব দিছে বি চি চি আইয়ে৷ বি চি চি আইৰ নিশ্চিত কৰা সূচী অনুসৰি ১৩, ১৬ আৰু ১৯ জুলাইত এদিনীয়া আৰু ২২ , ২৪ আৰু ২৭ জুলাই টি-২০ মেচ কেইখন অনুষ্ঠিত হ’ব শ্ৰীলংকাত৷ ভেনু অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *