Wednesday, July 6, 2022
HomeNewsভাৰতীয় দুৰ্ধৰ্ষ বলাৰ মহম্মদ ছামিৰ অন্য এক অভিলেখ

ভাৰতীয় দুৰ্ধৰ্ষ বলাৰ মহম্মদ ছামিৰ অন্য এক অভিলেখ

ভাৰতীয় দুৰ্ধৰ্ষ বলাৰ মহম্মদ ছামিৰ অন্য এক অভিলেখ

অলিম্পিয়া প্ৰতিবেদন: এটা ছিজনত বেটিং অবিহনেই খেল শেষ কৰা ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত মহম্মদ ছামি । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পোন্ধৰটা ছিজন সফলতাৰে সমাপ্ত হৈছে । ছিক্স- ফ’ৰৰ সমাহাৰ ঘটিল বিগত আইপিএলত । বহু কেইজন ক্ৰিকেটৰ মহাতাৰকাই আই পি এলত গঢ়িলে নতুন অভিলেখ । নতুন প্ৰতিভাও অভিলেখৰ গৰাকী হ’ল এই আই পি এলতে ।

আৰু অধিক পঢ়ক

২০২২ ৰ ছিজনত ৰাজস্থান ৰয়েলছক হৰুৱাই ৭ উইকেটত জয়ী হল গুজৰাট টাইটানছ ।হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বৰ গুজৰাটৰে সদস্য আছিল মহম্মদ ছামি । ছামিয়ে এই ছিজনত ১৬ খন মেচ খেলি ২০টা উইকেট দখলেৰে নিজৰ নাম লিপিবদ্ধ কৰিলে । গুজৰাট ফাইনেলত উপনীত হোৱা বা চেম্পিয়নৰ খিতাপ অৰ্জন কৰাত ছামিৰ অবদান সৰ্বজনবিদিত ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

২০২২ ছিজনত মহম্মদ ছামিয়ে জি টিৰ হৈ ১৬ খন খেলত বেটিং কৰা নাছিল । ইফালে, গুজৰাট টাইটানছৰ দ্ৰুততম বলাৰ মহম্মদ ছামিয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত নতুন অভিলেখ গঢ়িলে । ছামিয়ে বেটিং কৰিবলৈ অহা অবিহনেই আই পি ছিজনৰ সকলো মেচ খেলা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ হ’ল ।

অৱশ্যে, গুজৰাট টাইটানছ দলত ডেভিদ মিলাৰ, হাৰ্ডিক পাণ্ডিয়া, ঋদ্ধিমান সাহা, শুভমন গীলৰ দৰে শক্তিশালী বেটাৰ থাকোতে বেটিং আক্ৰমণৰ বাবে খেলপথাৰত নামিবলগীয়া নহ’ল মহম্মদ ছামি । সাধাৰণতে, অন্তিম বেটিং ক্ৰমত থকা ছামিয়ে নিজস্ব বলৰ গতিৰ জৰিয়তে দলটোক প্ৰদান কৰিলে অন্য এক মাত্রা । এনে গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰৰ সহযোগতেই আই পি এলত ইতিহাস সৃষ্টি কৰি অভিষেক মেচতে গুজৰাটে আঁজুৰি আনিলে শ্ৰেষ্ঠত্ব ।

ক্ৰীড়া অনুৰাগীৰ আশা — মহম্মদ ছামিৰ বলৰ গতি অপ্ৰতিৰোধ্য হৈ উঠক । তচনচ হওক বেটাৰৰ উইকেট ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments