Tuesday, October 4, 2022
HomeNewsভাৰতীয় ফুটবল ফেডাৰচনৰ নৱ নিৰ্বাচিত কোষাধ্যক্ষ অজয় কৃপাক গুৱাহাটীত আদৰণি

ভাৰতীয় ফুটবল ফেডাৰচনৰ নৱ নিৰ্বাচিত কোষাধ্যক্ষ অজয় কৃপাক গুৱাহাটীত আদৰণি

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় ফুটবল ফেডাৰচনৰ গুৰুত্বপূৰ্ণ পদবীত উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়া সংগঠক । ফেডাৰেচনৰ নৱ নিৰ্বাচিত কোষাধ্যক্ষ অজয় কৃপা । অসম ফুটবল সন্থাৰ দ্বাৰা বিপুল আদৰণি ।

অলপতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত হয় । ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ সন্তান তথা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ ফুটবল সন্থাৰ সম্পাদক অজয় কৃপা নিৰ্বাচিত হয় কোষাধ্যক্ষ হিচাপে । এইগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ সন্তানক সোমবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত বিপুল আদৰণি জনালে অসম ফুটবল সন্থা আৰু ডা: টি আও শতবাৰ্ষিকী সমিতিয়ে । অসমৰ ক্ৰীড়া অনুৰাগীয়ে আস্থা ৰাখিছে এই গৰাকী উত্তৰ পূৰ্বাঞ্চলৰ সন্তানৰ ওপৰত । দীৰ্ঘ বিৰতিৰ পাছত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ এটা গুৰুত্বপূৰ্ণ পদবীত উত্তৰ পূৰ্বাঞ্চলৰ লোক অধিষ্ঠিত হ’ল বুলি মন্তব্য কৰিলে অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈয়ে ।

 

ক্ৰীড়া সংগঠক স্বপনীল বৰুৱাও অজয় কৃপাক লৈ আশাবাদী । সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কোষাধ্যক্ষৰ দৰে গুৰুদায়িত্বত থাকি ভাৰতৰ ফুটবলৰ উন্নতিৰ হকে কাম কৰি যাব বুলি আশা ৰাখিলে স্বপনীল বৰুৱাই ।

 

অভিনন্দন গ্ৰহণ কৰি অভিভূত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নৱ নিৰ্বাচিত কোষাধ্যক্ষ অজয় কৃপা । উত্তৰ পূৰ্বাঞ্চলৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত ফুটবল ক্ষেত্রক আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ অজয় কৃপা ।

 

উল্লেখযোগ্য যে, সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি পদত অধিষ্ঠিত হৈছে প্ৰাক্তন ফুটবলাৰ কল্যাণ চৌবে । ভাৰতীয় ক্ৰীড়া অনুৰাগীৰ আশা —- বিশ্ব ক্ৰীড়া ক্ষেত্ৰত ভাৰতীয় ফুটবলৰ উৰক বিজয়ধ্বজা । উত্তৰ পূৰ্বাঞ্চলৰ সন্তান অজয় কৃপাৰ জৰিয়তে উত্তৰ পূবৰ খেলুৱৈয়ে পাওক প্ৰাধান্য ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments