Wednesday, July 6, 2022
HomeMiscellaneousভাৰতীয় মহিলা ভলীবল দলত অসমৰ প্ৰথমগৰাকী সদস্যা সন্ধ্যা শৰ্মা

ভাৰতীয় মহিলা ভলীবল দলত অসমৰ প্ৰথমগৰাকী সদস্যা সন্ধ্যা শৰ্মা

অসমৰ ভলীবলৰ ইতিহাসে শতিকা গৰকিবৰ হ’ল। ২০২০ চনত অসমৰ ভলীবলে শতবৰ্ষত ভৰি দিব। তাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। এনে এক সময়তে ভাৰতীয় মহিলা ভলীবল দলত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া মহিলাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ খেলুৱৈ জীৱনৰ ওপৰত আলোকপাত কৰিব বিচাৰিছো। মানুহগৰাকীৰ নাম সন্ধ্যা শৰ্মা বৰুৱা। লখিমপুৰ চহৰৰ স্থায়ী বাসিন্দা সন্ধ্যা শৰ্মাই পিতৃৰ চাকৰি সূত্ৰে নিজৰ শৈশৱ পাৰ কৰিছিল তেজপুৰ চহৰত। তেজপুৰ চৰকাৰী ছোৱালী বিদ্যালয়ত পঢ়ি থকা সময়তে ১৯৭১-৭২ চনত সন্ধ্যা শৰ্মাই নগাঁৱত অনুষ্ঠিত ভলীবল প্ৰশিক্ষণ শিবিৰত যোগদান কৰিছিল। প্ৰশিক্ষক আছিল এহছান আলী ৰিজভি। প্ৰশিক্ষণ সমাপ্ত কৰিয়েই সেই বছৰতেই নলবাৰীত অনুষ্ঠিত হোৱা আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত তেজপুৰৰ মহিলা ভলীবল দলটোৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায় সন্ধ্যা শৰ্মাই। সেয়াই আৰম্ভণি। সেই বছৰতেই অসম দলটোত স্থান পাইছিল সন্ধ্যা শৰ্মাই। সেইবাৰ জামছেদপুৰত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় মহিলা ভলীবল প্ৰতিযোগিতা। দল গঠন হৈছিল গুৱাহাটীত। নিজ কন্যাই অসম দলত স্থান পোৱাৰ খবৰ পোৱাৰ পিছতেই তেজপুৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হ’লহি দেউতাক ধৰণী শৰ্মা। কোনোপধ্যেই বিদ্যালয়ত পঢ়ি থকা সৰু ছোৱালীজনীক অকলে জামছেদপুৰলৈ যাবলৈ নিদিয়ে। পিছত সন্ধ্যা শৰ্মাৰ খুৰাকে দায়িত্ব ল’লে, খুৰাকৰ ভৰসাতে অসম দলৰ সদস্যা হিচাপে সন্ধ্যা শৰ্মা জামছেদপুৰলৈ গ’ল। ১৯৭৩ চনত পিতৃ ধৰণী শৰ্মা গুৱাহাটীলৈ বদলি হৈ অহাত সন্ধ্যা শৰ্মা পাণবজাৰ ছোৱালী হাইস্কুলৰ ছাত্ৰী হ’লহি। এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু খেল বিভাগৰ শিক্ষক ধৰ্মকান্ত শৰ্মাৰ প্ৰচেষ্টাত পিছলৈ সন্ধ্যা শৰ্মা এগৰাকী সম্ভাৱনাপূৰ্ণ ভলীবল খেলুৱৈ হিচাপে পৰিগণিত হ’ল। ১৯৭৩ চনৰ পৰা ১৯৭৮ চনলৈ অসম দলক প্ৰতিনিধিত্ব কৰি বাংগালুৰু, কেৰালা, দিল্লী, হায়দৰাবাদ, কলিকতা আদিত খেল প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সন্ধ্যা শৰ্মা উজলি উঠিছিল। মুঠ ৮বাৰ তেখেতে অসম দলৰ নেতৃত্ব বহন কৰিছিল। দেশৰ সংবাদ মাধ্যমে সেই সময়ছোৱাত সন্ধ্যা শৰ্মাক প্ৰশংসাৰে ওপচাই দিছিল। দেশৰ আগশাৰীৰ ক্ৰীড়া আলোচনী ক্সSports Starক্স-ত সন্ধ্যা শৰ্মাৰ ওপৰত এক বিস্তাৰিত প্ৰতিবেদন প্ৰকাশ পাইছিল। ১৯৭৪ চনত ভাৰতীয় মহিলা ভলীবলৰ অন্যতম সদস্যা হোৱাৰ পিছত এছিয়া ক্ৰীড়া মহোৎসৱত যোগ দিবলৈ সন্ধ্যা শৰ্মাৰ প্ৰতিও আমন্ত্ৰণ আহিছিল। সেইবাৰ এছিয়া ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হৈছিল তেহৰানত। কিন্তু বৈদেশিক মুদ্ৰা নোপোৱাৰ বাবে সন্ধ্যা শৰ্মা তেহৰানলৈ যাব নোৱাৰিলে।

ভলীবলৰ প্ৰতি মহিলা খেলুৱৈ হিচাপে সন্ধ্যা শৰ্মাই আগবঢ়োৱা অৰিহণাৰ বাবে তেখেতলৈ ভাৰতীয় ক্ৰীড়া বিভাগে ‘ফখৰুদ্দিন আলী আহমেদ সোঁৱৰণী ক্ৰীড়া ন্যাসে’ প্ৰতিভা বৃত্তি আগবঢ়াইছিল। সেই সময়ৰ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত সন্ধ্যা শৰ্মাৰ হাতত এই বৃত্তি প্ৰদান কৰিছিল। পিছলৈ গুৱাহাটীৰ তাৰিণীচৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত ক্ৰীড়া বিভাগৰ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে।  পিছত অৱশ্যে বৈবাহিক জীৱন আৰম্ভ হোৱাত সন্ধ্যা শৰ্মাই শিক্ষয়িত্ৰীৰ চাকৰি ত্যাগ কৰি স্বামীৰ কৰ্মস্থলী দুলীয়াজান তৈলনগৰীৰ বাসিন্দা হয়গৈ। দুলীয়াজানতো অইল কতৃÇপক্ষৰ সহযোগত সন্ধ্যা শৰ্মাই ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। বিগত বছৰটোত অৰ্থাৎ ২০১৭ চনত নলবাৰীত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক সদৌ অসম আন্তঃজিলা প্ৰবীণ (পুৰুষ-মহিলা) ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰিছিল সন্ধ্যা শৰ্মাই। এইগৰাকী ভলীবল খেলুৱৈলৈ আমিও অভিনন্দন যাচিলো।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments