Wednesday, October 5, 2022
HomeNewsভাৰতে অংশ ল'ব এছিয়া কাপত; পাকিস্তানৰ পৰিবৰ্তে ডুবাইত হ'ব এছিয়া কাপ; ব'ৰ্ডে...

ভাৰতে অংশ ল’ব এছিয়া কাপত; পাকিস্তানৰ পৰিবৰ্তে ডুবাইত হ’ব এছিয়া কাপ; ব’ৰ্ডে ল’লে সিদ্ধান্ত

পাকিস্তানৰ পৰিবৰ্তে এইবাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ডুবাইত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ আজি এছিয়ান ক্রিকেট কাউন্সিলৰ বৈঠকৰ বাবে ডুবাইলৈ যোৱাৰ পূর্বে কলকাতাত গাংগুলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ভাৰত–পাকিস্তান উভয় দলৰে অংশগ্রহণ নিশ্চিত কৰিবলৈ আগন্তুক এছিয়া কাপ ডুবাইত আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে৷

পূর্ব নির্ধাৰিত সূচী অনুসৰি এইবাৰ এছিয়া কাপ পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা আছিল৷কিন্তু পাকিস্তানৰ লগত ভাৰতৰ দ্বিপাক্ষীক সম্পৰ্ক উন্নত নোহোৱাৰ লগতে ৰাজনৈতিক কাৰণত দুয়ো দেশৰ মাজত উত্তেজনাৰ সৃষ্টি হৈ আহিছে। সীমান্তত ভাৰতীয় সেনাক পাকিস্তানী সন্ত্ৰাসবাদীয়ে প্ৰায়ে আক্ৰমণ কৰি অহাৰ লগতে পাকিস্তানী সেনাই বাৰে বােৰ সীমান্তত বাৰতীয় সেনাক উদ্দেশ্য কৰি গুলী বৰ্ষন কৰি আহিছে। গতিকে এনে এক পৰিস্থিতিত পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক অৱনতি ঘটাই স্বাভাৱিক।

সেয়ে এইবাৰ এছিয়া কাপ প্ৰতিযোগিতা পাকিস্তানত অনুষ্ঠিত হ’লে ভাৰতে প্রতিযোগিতাখনত অংশ নলয় বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ পিছতে এছিয়ান ক্রিকেট কাউন্সিলে প্রতিযোগিতাখন নিৰপেক্ষ ভেন্যুত আয়োজনৰ সিদ্ধান্ত লয়৷

উল্লেখ্য যে ৰাজনৈতিক উত্তেজনাৰ পৰিণতিত ভাৰত আৰু পাকিস্তানে ২০১৩ৰ পৰা কোনো দ্বিপাক্ষিক শৃংখলাত অংশ লোৱা নাই৷ কেৱল আই চি চিৰ মেগা ইভেণ্টত হে দল দুটাই পৰস্পৰৰ মুখামুখি হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments