Wednesday, July 6, 2022
HomeNewsভাৰতৰ কাষত থিয় দিছে পাকিস্তানী ক্ৰিকেটাৰে

ভাৰতৰ কাষত থিয় দিছে পাকিস্তানী ক্ৰিকেটাৰে

ভাৰতৰ শেহতীয়া কৰ’না ভাইৰাছৰ সংক্ৰমনে সৃষ্টি কৰা পৰিস্থিতি অতি ভয়াবহ হৈ পৰিছে। চিকিৎসালয়ত বিচনা, অক্সিজেনৰ অভাৱত বিভিন্ন চহৰত কৰ’না আক্ৰন্তৰ মৃত্যু হৈছে। এনে এক পৰিস্থিতিত বিশ্বৰ বিভিন্ন দেশে ভাৰতক সহায় কৰাৰ কথা কোৱাৰ লগতে ভাৰতৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। ইয়াৰ ব্যতিক্ৰম নহয় চুবুৰীয়া পাকিস্তানো। বিভিন্ন সময়ত দুয়োখন দেশৰ মাজত সৃষ্টি হৈ আহিছে সংঘাত। কাশ্মীৰ সমস্যা, সন্ত্ৰাসমূলক সমস্যাৰ বাবে দুয়ো দেশৰ মাজত অহি-নকুল সম্পৰ্ক। কিন্তু তাৰ মাজতো ভাৰতৰ এই সংকটৰ কালত পাকিস্তানৰ একাংশ নাগৰিকৰ লগতে জাতীয় দলৰ ক্ৰিকেটাৰে ভাৰতৰ এই পৰিস্থিতত দুখ প্ৰকাশ কৰিছে। পাকিস্তানী নাগৰিকক ভাৰতক সহায় কৰিবলৈ আহ্বান জনাইছে।

পাকিস্তানৰ পূৰ্বৰ ক্ৰিকেটাৰ ছোৱেইব আখতাৰে প্ৰথমে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে ভাৰতৰ এই দুৰৱস্থাৰ সময়ত পাকিস্তানী নাগৰিকক সহায় কৰিবলৈ আহ্বান জনাইছিল।ইয়াৰ উপৰিও ভাৰতত অক্সিজেনৰ নাটনিৰ প্ৰতি লক্ষ্য কৰি তেওঁ পাকিস্তানী নাগৰিকক অৰ্থ সংগ্ৰহ কৰি ভাৰতৰ বাবে অক্সিজেনৰ টেংক যোগান ধৰিবলৈও অনুৰোধ জনাইছিল। পাকিস্তানী নাগৰিকেও ভাৰতক সহায়ৰ বাবে আগবাঢ়ি আহিছিল।

ইয়াৰ পিছতেই পাকিস্তানৰ বৰ্তমানৰ তাৰকা খেলুৱৈ বাবৰ আজমেও ভাৰতৰ এই জটিল সময়ত পাকিস্তানবাসীক ভাৰতৰ কাষত থিয় দিবলৈ আহ্বান জনাইছে। তেওঁ ভাৰতৰ এই পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰিছে।

তেওঁ কৈছে, এই ভয়াবহ সময়ত মোৰ প্ৰৰ্থনা ভাৰতৰ লোকসকলৰ লগত আছে। এই সময় একতা প্ৰদৰ্শন কৰা আৰু একেলগে প্ৰাৰ্থনা কৰাৰ সময়। মই সকলো লোকক নিজৰ সুৰক্ষাৰ বাবে গাইডলাইন পালন কৰিবলৈ অনুৰোধ জনাইছো। একেলগে মিলি আমি ইয়াক পাৰ কৰিব পাৰিম।

একেদৰে ভাৰতৰ এই বিপদৰ সময়ত চুবুৰীয় দেশ শ্ৰীলংকাৰ ক্ৰিকেট দলৰ অধিনায়ক কৰুণাৰত্নেও ভাৰতৰ প্ৰতি তেওঁৰ সহানুভূতি প্ৰদৰ্শন কৰিছে।তেওঁ টুইটাৰৰ জৰিয়তে সকলোকে সুৰক্ষিত হৈ থকাৰ লগতে সাহসেৰে পৰিস্থিতি মুকাবিলা কৰিবলৈ আহ্বান জনাইছে। তেওঁ বিশ্বাস ৰাখিছে ভাৰতে এই জটিল পৰিবেশ পাৰ কৰি শক্তিশালী ৰূপত প্ৰত্যাবৰ্তন কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments