ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ স্থানান্তৰ হ’ব ইউনাইটেড আৰৱ এমীৰেটছলৈ! ভাৰতত ক’ভিড-১৯ ৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে টি-২০ বিশ্বকাপখন অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। সেয়েহে আই চি চি টি-২০ বিশ্বকাপখন আয়োজন কৰিবলৈ বিকল্প হিচাপে ইউ এ ইৰ নিম নিশ্চিত কৰিছে।
উল্লেখ্য যে, বিগত বৰ্ষতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন কৰ’নাৰ সংক্ৰমণৰ বাবেই এবছৰ স্থগিত ৰাখি ভাৰতত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু বৰ্তমান ভাৰততো কৰ’নাই ভয়াবহ ৰূপ লোৱাত প্ৰতিযোগিতাখন সুৰক্ষিতভাৱে আৰু সফলতাৰে অনুষ্ঠিত কৰাক লৈ প্ৰশ্নৰ উদয় হৈছে। সেয়েহে আই চি চি য়ে প্লন B হিচাপে ইউ এ ইক সাজু কৰি ৰাখিছে।
বিগত বৰ্ষত কৰ’নাৰ সংক্ৰমণৰ মাজতেই ইউ এ ইত সফলতাৰে অনুষ্ঠিত হৈছিল আই পি এল। আনহাতে দেশখনত সফলতাৰে অনুষ্ঠিত হৈছিল এছিয়া কাপ। অৱশ্যে দেশখনক বিকল্প হিচাপেহে ৰাখিছে আই চি চিয়ে। বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে জনাইছে যে, প্ৰতিযোগিতাখনলৈ যিহেতু এতিয়াও ভালেমান সময় আছে গতিকে এই সময়ছোৱাত ভাৰতৰ পৰিস্থিতি সুস্থিৰ হ’লে ভাৰততে অনুষ্ঠিত কৰিব পাৰিব প্ৰতিযোগিতাখন। ইফালে বি চি চি আয়েও প্ৰতিযোগিতাখনৰ বাবে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে। ব’ৰ্ডৰ সভাপতি গাংগুলীৰ মতে ভাৰতত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত কোনো সংশয় নাই।