Monday, July 4, 2022
HomeNewsভাৰত অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট ড্ৰ

ভাৰত অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট ড্ৰ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তৃতীয় টেষ্ট ড্ৰ হৈছে। টেষ্টখনৰ পঞ্চমটো দিনত আঘাতৰ সমস্যাৰ লগতে অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ বলাৰৰ লগত যুজঁ দি ৰবিচন্দ্ৰন আশ্বিন আৰু হনুমা বিহাৰীয়ে প্ৰায় তিনি ঘণ্টা সময় ক্ৰিজট বেটিং কৰি টেষ্টখনত পৰাজিত হোৱাৰ পৰা ভাৰতীয় দলক ৰক্ষা কৰে। মেচখনৰ সময়ছোৱাত ৰবিচন্দ্ৰন আশ্বিন ককালৰ আঘাতৰ সমস্যাত ভূগি থকাল লগতে হনুমা বিহাৰী হেমষ্ট্ৰিঙৰ সমস্যাত ভূগি আছিল।

অষ্ট্ৰেলিয়াই নিৰ্ধাৰণ কৰি দিয়া ৪০৭ ৰানৰ লক্ষ্য আগত লৈ খেল পথাৰত নমা ভাৰতীয় দলে বেটিং বিপৰ্জয়ত পৰিছিল। ক্ৰিকেট বিশেষজ্ঞসকলে ভাৰত পৰাস্ত হ’ব বুলি এক ধাৰণা গঢ়ি লোৱাৰ সময়তে আশ্বিন আৰু হনুমা বিহাৰীয়ে ধৈৰ্যশীল বেটিং কৰি পৰাজিত হোৱাৰ পৰা ৰক্ষা কৰে।

আশ্বিনে ২৫৮টা বল খেলি ৬৮ ৰান কৰাৰ বিপৰীতে হনুমা বিহাৰীয়ে খেলিলে তেওঁৰ কেৰিয়াৰৰ লগতে ভাৰতীয় ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ লেহেমীয়া ইনি‌ংছটো‌। বিহাৰীয়ে ১১২ বলত ৬.২৫ ষ্ট্ৰাইক ৰেটৰে ৭ ৰান কৰে। প্ৰায় তিনিঘণ্টা বেট ধৰি বিহাৰীয়ে ১৬১ বলত ২৩ ৰান কৰিবলৈ সক্ষম হয়।

দ্বিতীয় ইনিংছত ভাৰতৰ সন্মুখত অষ্ট্ৰেলিয়াই ৬ উইকেটৰ বিনিময়ত ৩১২ ৰান কৰি ইনিংছ ঘোষণা কৰিছিল। ভাৰতৰ সন্মুখত জয়ৰ বাবে ৪০৬ ৰানৰ এক বৃহৎ লক্ষ্য স্থিৰ হৈছিল। যাক অতিক্ৰম কৰাটো ভাৰতৰ পক্ষে কঠিন হৈ পৰিছিল। ভাৰতে ২৭২ ৰানত টেষ্ট বিশেষজ্ঞ চট্টেশ্বৰ পূজাৰাৰ ৰূপত পঞ্চমটো উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও হনুমা বিহাৰীয়ে আশ্বিনৰ লগত ভাৰতীয় স্ক’ৰ ৩৩৪ৰানলৈ বৃদ্ধি কৰে আৰু এটাও উইকেট পৰিবলৈ নিদিয়ে। ৬ গৰাকী অষ্ট্ৰেলিয়ান বলাৰ এই দুই বেটছমেনৰ যুটীক ভাঙিবলৈ অশেষ কষ্ট কৰিও সফল হবলৈ নোৱাৰিলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments