Wednesday, July 6, 2022
HomeNewsভাৰত-ইংলেণ্ডৰ এদিনীয়াত ভাৰতৰ পৰাজয় নিশ্চিত

ভাৰত-ইংলেণ্ডৰ এদিনীয়াত ভাৰতৰ পৰাজয় নিশ্চিত

ভাৰত-ইংলেণ্ডৰ মাজত মঙ্গলবাৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলাৰ মেচ। তিনিখন এদিনীয়া শৃংখলাৰ এই ছিৰিজৰ মঙ্গলবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়াত ঘৰুৱা দল ভাৰতকেই ফেভাৰিত আখ্যা দিয়া হৈছে। ইতিমধ্যে অনুষ্ঠিত হোৱা টেষ্ট ছিৰিজ আৰু টি-২০ ছিৰিজ জয় কৰি ভাৰতীয় দলটো আত্মবিশ্বাসী হৈ আছে। কিন্তু বিগত কেইখনমান মেচৰ পৰিসংখ্যাই কয়, এদিনীয়া ছিৰিজৰ প্ৰথমখন মেচত ভাৰতৰ পৰাজয় নিশ্চিত!

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত খেলা টেষ্ট ছিৰজৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ ইংলেণ্ডৰ লগত খেলা টি-২০ ছিৰিজলৈ প্ৰতিখন ছিৰিজতে ভাৰত প্ৰথমখন মেচত পৰাজিত হৈছে। ভাৰতে শেহতীয়াকৈ ক্ৰমাগতভাৱে তিনিটা ছিৰিজত প্ৰথমখন মেচত পৰাজয়বৰণ কৰি পুনৰ উভতি ধৰিবলৈ সক্ষম হৈছে। এইদৰেই ভাৰতে জয়ৰ হেট্ৰিক অৰ্জন কৰিলে।

শেহতীয়াকৈ ভাৰতৰ এই প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য কৰি এতিয়া সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো চৰ্চা চলিছে এদিনীয়া শৃংখলাটো ভাৰত প্ৰথমখন মেচত পৰাজিত হ’ব।

ইফালে দুয়োটা দলৰ পৰিসংখ্যালৈ চালে দেখা যায়, বৰ্তমানলৈকে দুয়োটা দলে মুঠ ১০০ খন এদিনীয়াত মুখামুখি হৈছে। ইয়াৰে ৫৩ খন এদিনীয়াত ভাৰতে জয় লাভ কৰাৰ বিপৰীতে ৪২ খনত ইংলেণ্ডে জয় লাভ কৰিছে। ইয়াৰে আকৌ ২ খন ড্ৰ হোৱাৰ লগতে ৩ খন ফলাফল শূন্যভাৱে সমাপ্ত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments