Wednesday, July 6, 2022
HomeNewsভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলা উপভোগ কৰিবলৈ ষ্টেডিয়াম যাব পাৰিব দৰ্শক

ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলা উপভোগ কৰিবলৈ ষ্টেডিয়াম যাব পাৰিব দৰ্শক

ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টেষ্ট ষ্টেডিয়ামলৈ গৈ উপভোগ কৰিব পাৰিব দৰ্শকে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু তামিলনাডু ক্ৰিকেট এচ’ছিয়েশ্বনে চেন্নাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় টেষ্টত ৫০ শতাংশ দৰ্শকক খেল উপভোগ কৰিবলৈ সুযোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ ৫০ হাজাৰ দৰ্শকৰ বাবে আসন সম্বলিত এই ষ্টেডিয়ামত ২৫ হাজাৰ দৰ্শক উপস্থিত থাকিব।

আনহাতে গুজৰাট ক্ৰিকেট এচ’ছিয়েশ্বনেও মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া তৃতীয় টেষ্টৰ বাবেও ৫০ শতাংশ দৰ্শকৰ প্ৰৱেশত অনুমতি প্ৰদান কৰিছে। অৱশ্যে গুজৰাট ক্ৰিকেট সন্থাই কেন্দ্ৰীয় চৰকাৰৰ নতুন কৰ’না সম্পৰ্কীয় গাইড লাইনৰ ওপৰত লক্ষ্য কৰি ষ্টেডিয়াম ১০০ শতাংশ দৰ্শকৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। যদি সেয়াই হয় তেনে কৰ’নাৰ পিছত মটেৰা ষ্টেডিয়ামতেই সম্পূৰ্ণ ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতিৰে মেচ অনুষ্ঠিত হোৱা প্ৰথমখন ষ্টেডিয়ামলৈ ৰূপান্তৰ হ’ব।

এই তৃতীয়খন টেষ্ট উপভোগ কৰিবলৈ ষ্টেডিয়ামলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ কথা। বি চি চি আইয়ে মটেৰাত অনুষ্ঠিত হ’বলগীয়া তৃতীয় টেষ্টলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ কৰাৰ পৰিকল্পনা হাতত লৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments